top of page

বহল মনৰ মানুহ।

Updated: Jul 22, 2020

'এই যে সৰু মানুহ বুলি ক'লে, আচলতে সৰু মানুহৰ মনবোৰ সমাজে ভবা ডাঙৰ মানুহতকৈ বহুত ডাঙৰ'।

২০১৭ চনৰ শেষৰ পৰা ২০১৮ চনৰ মে মাহলৈকে আমাৰ ঘৰুৱা জীৱনত এক বেলেগ ধৰণৰ পৰিস্থিতি হৈছিল। দেউতা(শহুৰ) ৰ শাৰীৰিক অৱস্থা বৰ বেয়ালৈ গৈছিল। তিৰাশী বছৰীয়া মানুহজন শৈশৱলৈ উভতি গৈছিল। কিমান যে আউল লাগিছিল। কণমানি পুতলালৈকে কিছুমান অনাহুত পৰিস্থিতিৰ সন্মুখীন হৈছিল। কেচুৱাৰ দৰে হৈ পৰা বুঢ়া মানুহজনৰ নামত আমাৰ টোপনি, জিৰণিবোৰ দিব লগা হৈছিল।

এটা সময়ত শৰীৰে নটনা হৈছিল। মনবোৰ বৰ ভাগৰুৱা হৈছিল। কামবোৰত আউল লাগিছিল।

তেনেবোৰ সময়তে অনিল দা আহিছিল আমাৰ ঘৰলৈ। সেইখিনি সময়ত প্ৰিয়বন্ধুৱে কাহিলিপাৰাৰ যিখন স্কুলত পুৱাৰ জলপান দি আছিল, তাতে পঢ়ি আছিল অনিল দাৰ ছোৱালীজনীয়ে। অনিল দাক দেউতাই বৰ ভাল পাইছিল। মানুহজনে আচৰিত ধৈৰ্য্য আৰু যত্নৰে দেউতাৰ শুশ্ৰুষা কৰিছিল। দেউতাই নাম গুণ শুনি ভাল পাইছিল বাবেই কীৰ্তন, নামঘোষা গাই শুনাইছিল। মই সুধিছিলো- ' ইমানখিনি সহায় কৰিছে, আপোনাক কেনেকৈ কি দিব পাৰো ?' মানুহজনে হাত যোৰ কৰি কৈছিল-    

'আমিবোৰ সৰু মানুহ। আপুনি বহুত ডাঙৰ কাম কৰি আছে। মোৰ ছোৱালীজনীয়ে আপোনাৰ কথা কৈ থাকে। বহুত সহায় কৰিছে আপুনি। টকা পইচাৰ কথা মই আপোনাক ক'ব নোৱাৰিম' তেতিয়া মই তেখেতক কৈছিলো-

'এই যে সৰু মানুহ বুলি ক'লে, আচলতে সৰু মানুহৰ মনবোৰ সমাজে ভবা ডাঙৰ মানুহতকৈ বহুত '

তাৰ পিছত দেউতা ঢুকাল।

অনিল দাৰ লগত সম্পৰ্কটো নোহোৱা নহ'ল। দেউতাৰ শ্ৰাদ্ধ, বিধিতো সপৰিয়ালে লাগি ভাগি দিলে। তাৰ পিছতো মাজে সময়ে আহে।যেতিয়াই কাৰোবাক চিকিৎসালয় বা ঘৰুৱাকৈ এনে ধৰণৰ সহায়কাৰীৰ প্ৰয়োজন সম্পৰ্কে মোৰ সৈতে যোগাযোগ কৰে ,মই প্ৰথমেই অনিল দাৰ কথাই কও। এক বিশ্বাস আৰু আস্থাৰে কও। ভাবি ভাল লাগে,অনিল দাই আজিও সেই আস্থা, বিশ্বাস ,কৃতজ্ঞতা আৰু সন্মানেৰে নিজৰ সেৱা আগবঢ়াই আহিছে।

অনিল দাৰ দৰে তথাকথিত 'সৰু' মানুহবোৰৰ মাজতে মোৰ বৰ ডাঙৰ পৃথিৱীখন।



15 views0 comments

Recent Posts

See All
bottom of page