ফোটাটো দিবি
'তোৰ ফোটাটো দিবি?'
সৰু কথা ,কিন্তু মন ভৰি যোৱা কথা!
বাটৰ কাষৰ কমলা বেছি থকা বাইদেউহতৰ পৰা কমলা কেইটামান লও বুলি গাড়ীখন ৰখাইছিলো। পিংকু নামি গ'ল। তেনে সময়তে তেওঁ আহি গাড়ীৰ খিৰিকীৰে মোৰ মুখলৈ ৰ লাগি চালে। টকা দহটা হাতত তুলি দিলো। নাই ,নহ'ব। 'আৰু পইচা নিদিও দেই' , মই বুজাই ক'লো।
লাজ লাজকৈ হাঁহি মাৰি মোৰ কপালৰ ফোটটোলৈ দেখুৱাই ক'লে-'টাকা নালাগে, ফোটাটো দে!'
মোৰ কপালৰ ফোটটো তেওঁৰ কপালত দিলো ।
আঐ দেহি ,কিযে এমোকোৰা হাঁহি দিলে মোক!