নিজক ভালে বেয়াই গ্ৰহণ কৰিব পৰাগৰাকীয়েই আটাইতকৈ সুখী মানুহ।
Updated: Jul 22, 2020
অসন্তুষ্টিৰ পাহাৰ বগোৱাতো বৰ কষ্টকৰ। অসন্তুষ্টি বা অসন্তোষ এবিধ শ্ল'পইজনৰ দৰে, যি আমাক বিভিন্ন মুহূৰ্তত খুলি খুলি খায়। আৰু ইয়াৰ মাত্ৰা বাঢ়ি যোৱা মানেই আমাৰ স্বাভাৱিক গতিবোৰত অনাৱশ্যক, অনাকাংক্ষিত বিৰাম। মাত্ৰাধিক বিৰামে গতি মন্থৰ কৰে।
অহৰহ গতিময় হৈ থাকিব বিচৰা সময়ৰ মানুহ আমি। গতিকে বিৰাম অথবা মন্থৰতা আমাৰ কাৰোৰে কাম্য নহয়।
আমি অসন্তুষ্ট কিহক লৈ হও ? সদায় এটা কথা লক্ষ্য কৰিব আমাৰ অসন্তুষ্টিৰ কাৰণ সদায় আমি নিজেই। 'মই,' 'মোৰ', 'মোতকৈ'- এই শব্দকেইটাই আমাক অসন্তুষ্ট হোৱাত আটাইতকৈ বেছি অৰিহণা যোগায়। 'মই এনেকুৱা, তেনেকুৱা নহ'লো কিয় ?', 'মোৰ অমুকটো নাই, তেওঁৰ আছে', 'মোতকৈ তেওঁৰ বহুত বেছি ভাল'- আমি যেনেকুৱা, তেনেকৈয়ে নিজকে গ্ৰহণ কৰিবলৈ আমাৰ কিমান যে দ্বিধা, অসন্তুষ্টি।
সেইকাৰণেই আমি মনেৰে মুকলি হ'ব নোৱাৰো। কোনোবাই আমাক স্বাধীনতা হাতত আহি তুলি দিবহি বুলি আমি হা-হুমুনিয়াহ কাঢ়ি বাট চাই থাকো। কাৰণ আমি বাহিৰত দেখুৱাই যিমানেই সবল, শক্তিশালী হৈ নাথাকো কিয়-ভিতৰি নিজৰ বিভিন্ন কথাক লৈ আমি অসন্তুষ্ট। বুকুৰ ভিতৰত বোজা হৈ পৰি থাকে এই অসন্তুষ্টিবোৰ। নিজকে তথাকথিত 'ভাল মানুহৰ' ফ্ৰেম এটাত একেবাৰে জোখে মাখে সুমুৱাই ৰাখিবলৈ যাওঁতে যাওঁতে আমি আচলতে নিজৰ পৰাই আটাইতকৈ দূৰলৈ গুচি যাওঁ। নিজকে চিনিব নোৱৰা হৈ যাওঁ। আৰু কোনোবাদিনা পৰিস্থিতিয়ে যেতিয়া আমাক নিজৰ সৈতে মুখামুখি কৰাই দিয়ে তেতিয়া আমাৰ হাহাকাৰ হয়- 'মইতো এই জীৱন বিচৰা নাছিলো। '
নিজকে সম্পূৰ্ণ ভালে বেয়াৰে গ্ৰহণ কৰিব পৰাজন সদায় মুক্ত মনৰ হয়। সচা অৰ্থত স্বাধীন হয়।
আমাৰ স্বতন্ত্ৰ স্থিতিৰ প্ৰতি মনোযোগহীনতাই আমাৰ অপমানৰ বাটবোৰ সদায় খুলি দিয়ে। আমি যেন সৰুৰ পৰা ডাঙৰলৈকে বিভিন্ন কথাত আনৰ ওপৰত নিৰ্ভৰশীল হৈ ভাল পাওঁ। নিৰ্ভৰশীলতাই নিজৰ স্থিতিক কেতিয়াও মজবুত নকৰে, বৰঞ্চ দূৰ্বল কৰে। সেয়েহে বিভিন্ন উৎসৰ পৰা আমালৈ অপমানৰ শেলবোৰ দলিয়াই দিবলৈ সহজ হয়। আমাৰ বাধা দিয়াৰ শক্তি নোহোৱা হয়। অপমানে থকা সৰকা কৰা সময়বোৰত আমি নিজৰ ওপৰত নিৰ্ভৰশীল হ'ব নোৱৰাৰ অক্ষমতাই আমাক বেছিকৈ বিন্ধে।
আমি নি:স্বাৰ্থভাৱে ভালপাবলৈ নিশিকো। ভালপোৱাৰ বাটত কিমান যে ' Terms and Conditions ' 'তেওঁ এনেকুৱা হ'ব লাগিব', 'তেওঁ এইটো কৰিব লাগিব', 'তেওঁ এইটো কৰিব নালাগিব'- মুঠতে এখন তালিকা লৈ ভালপোৱা বিচাৰি, অথবা ভালপোৱা দিবলৈ ৰৈ থাকো। কোনো ধৰণৰ স্বৰ্ত নোহোৱাকৈ আমি যেতিয়ালৈকে ভালপাব নোৱাৰো, তেতিয়ালৈকে ভালপোৱা স্বয়ংসম্পূৰ্ণ নহয়। আমাৰ সকলো ভালপোৱাতে স্বৰ্ত থাকে- মাক-দেউতাকে সন্তানক ভালপাওতে, সন্তানে পিতৃ মাতৃক ভালপাওঁতেও স্বৰ্ত সেইকাৰণে আমাৰ কষ্ট বেছি হয়। স্বৰ্তহীন ভালপোৱা সঞ্জীৱণী সদৃশ। সেই ভালপোৱাইহে আমাকহে মহত্ত্বৰ গৰাকী কৰিব পাৰে।
আন্তৰিকতাৰে যদি আমি সকলো সদৰ্থক উৎসৰ প্ৰতি কৃতজ্ঞ হ'ব জানো, সাহসেৰে যদি আমি নিজেই যিকোনো পৰিস্থিতিৰ মুখামুখি হ'ব পাৰো, সিদ্ধান্ত গ্ৰহণৰ দক্ষতা যদি আমাৰ থাকে, নিজকে দ্বিধাহীনভাৱে মানি ল'ব পাৰো আৰু নি:স্বৰ্তভাৱে যদি ভালপাব জানো তেন্তে আমি বুকু ভৰি উদযাপন কৰিব পাৰিম সুখৰ জীৱন।