top of page

দাদা আপুনি ব্যতিক্ৰম

Updated: Jul 23, 2020

সিদ্ধাৰ্থৰ ওপজা দিনত প্ৰাণজিতে লিখা কবিতাটো

(সিদাৰ্থ দালৈ জন্মদিনৰ অলেখ শুভকামনাৰ)


দাদা আজি আপোনাৰ জন্মদিন


ধুপ ধুনা নৈবদ্যৰে আজি আপোনাৰ গোসাইঘৰ সুগন্ধিত হৈ থাকিব

বন্ধু বান্ধৱৰ স্ফুৰ্তিত আজি ঘৰখনি উৎসৱমূখৰ হৈ পৰিব৷

এবাৰ অৰ্চনা বাৰ মূখখনিলৈ এপাক চাবচোন আজি

কিমান যে স্ফুৰ্তি আজি বাৰ মূখমণ্ডলত

আৰ্তজনৰ মূখত হাহি বিৰিঙাই ভালপোৱা

মানুহগৰাকীৰ আজিৰ হাঁহিটো আপুনি মিছ নকৰিব দাদা৷

দাদা বহুতেই নাজানিলেও আমি জানো

অৰ্চনা বাৰ সফলতাৰ আৰৰ মানুহজনৰ কথা

আমি জানো বাৰ প্ৰতিটো খোজতেই থকা

আপোনাৰ সাহস প্ৰেৰনাবোৰৰ কথা৷

দাদা আপুনি ব্যতিক্ৰম

কিয় জানেনে ?

নাৰী স্বাধীনতাৰ কথা সকলোৱে কয়

কিন্তু বাস্তবায়িত কৰে আপোনাৰ দৰে ব্যক্তিয়েহে৷

আমাৰ জানিবৰ মন যায়

কেতিয়াবা বাৰু আপুনি অভিমান কৰেনে

বাৰ সদা ব্যস্ত জীৱনক আপুনি আকোৱালি লব পাৰেনে ?

আপুনি অভিমান নকৰিব দাদা

বাৰ জীৱনটো সমাজৰ বাবেই

মানবসেৱাৰ বাবেই৷

কুশলে যাওক আপোনাৰ অনাগত দিনবোৰ

জন্ম হওক হাজাৰজন সিদাৰ্থ হাজৰিকা

যি নিজৰ পত্নীক আগুৱাই দিব পাৰে

দেশৰ বাবে, সমাজৰ বাবে৷

জন্মদিনৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো সিদাৰ্থ দা৷

4 views0 comments
bottom of page