তোমালোকলৈ এখন চিঠি।
Updated: Jul 22, 2020
World Mental Health Day ত। তোমালোকলৈ মোৰ অকণমান ক'বলগা,
তোমালোক, যিসকলে মোৰ এই লেখাখিনি পঢ়ি আছা,তোমালোকৰ কাৰণে আজি লিখিছো মই। তোমালোক, যিসকলৰ বাবে আজিৰ সময়খিনি বৰ অসহ্যকৰ, কষ্টকৰ, নিসংগ আৰু শূণ্য -তোমালোকৰ বাবে লিখিছো আজি। তোমালোক, যিসকলৰ বাবে জীৱনটো টানিব নোৱৰা বোজাৰ দৰে হৈ পৰিছে , নেযায় নুপুৱাই হৈছে সময়, জীৱনটোৰ পৰা আতৰি আহিবৰ কাৰণে এশ এটা কাৰণ লৈ ৰৈ থকা তোমালোকৰ বাবে লিখিছো আজি মই। তোমালোকৰ মাজৰ কিছুৱে মোৰ সৈতে কেতিয়াবা কথা পাতা,অকণমান সময়ৰ কাৰণে মনৰ মাজত লৈ ফুৰা কথাবোৰ ক'বলৈ চেষ্টা কৰা। কিছুৱে মেচেজত কোৱা, WhatsApp কৰা। তোমালোকৰ বুকুত অনেক বিষাদ।অনেক ক্ষোভ। অনেক যন্ত্ৰণা। অনেক অভিমান। অনেক অসন্তুষ্টি। নিজকে ভাল নোপোৱাৰ ধেৰ অজুহাত তোমালোকৰ হাতত। সেয়েহে আজি ভাবিলো, তোমালোকলৈ লিখো। তোমালোক মানেই এটা এটা জীৱন, অনেক সম্ভাৱনা আৰু প্ৰাণময় এটা এটা সত্তা। এই সত্তাৰ পৰা নিজকে বিচ্ছিন্ন কৰা কি ইমান সহজ কথা। এই জীৱন ইমান সমৃদ্ধ। জীৱনে আমাক এখিনি সময় দিছে। সজোৱাৰ দায়িত্ব আমাৰ। অথচ আমি বাৰম্বাৰ দোষাৰোপ কৰিছো জীৱনক। এবাৰ ৰোৱা, বুজা, সোধা নিজকে-জীৱনক আমি কি দিছো। জীৱনে আমাক সময় দিছে,উশাহ দিছে, প্ৰকৃতিক দিছে, অনুভূতি দিছে , আৰু অনেক দিছে। আমি কি দিছো জীৱনক ? নিজৰ জীৱন শেষ কৰি দিয়াৰ আগেয়ে, দয়া কৰি এই কথাটো নিজকে এবাৰ সোধা। সেই উত্তৰটো মোক নালাগে।নিজকে দিয়া। সদায় পাল্লাখন জীৱনৰ ফালেই গধুৰ হ'ব। তোমালোকে অভিযোগ কৰা - তোমালোকে ভবাৰ দৰে একো নহ'ল জীৱনত। বিচাৰিছিলা কিবা, পালা এটা শূণ্য। তোমালোকে অভিযোগ কৰা - তোমালোক নোহোৱা হ'লে,পৃথিৱীৰ পৰা এটা বোজা নোহোৱা হ'ব। এই কথা কোৱাৰ আগেয়ে-এবাৰ সেই গৰাকী মাতৃক সোধা- যি দহ মাহ সপোনৰ ভাৰ বৈ তোমাক জন্ম দিলে। সেইজন পিতাক সোধা- যাৰ কষ্টৰ প্ৰতিটোপাল ঘামত তোমাৰ নামত থকা সপোনবোৰ জী থাকে। তোমালোকে ভুলতে ভাবা, তোমালোকক কোনেও ভাল নাপায়। আৰে, তোমালোকে যদি নিজেই নিজকে ভাল নোপোৱা তেন্তে আনে তোমাক ভালপোৱাৰে ওপচাই থ'ব বুলি কিয় আশা কৰা ? তুমি/তোমালোক যেনেকুৱা তেনেকৈয়ে নিজক প্ৰথমে গ্ৰহণ কৰা, বুজা, সময় দিয়া, মৰম কৰা, সন্মান কৰা, নিজৰ সৈতে কথা পাতা, নিজৰ পৃথিৱীখন কেৱল সদৰ্থক কথাবোৰেৰে ভৰাই তোলা। তেতিয়া তুমি/তোমালোকে বুজিবা কিমান অমূল্য তোমাৰ জীৱন। তুমি কিমান অনন্য, অতুলনীয়। কাৰণ তুমি তুমিয়েই, তোমাৰ দৰে আন কোনো নাই। এই কথাটোৰ সন্মান সহকাৰে সদায়েই মূল্য দিয়া। তোমাৰ অভিমান/অভিযোগ/দুখ/ হতাশা- তোমাক কোনেও ভাল নাপায়। কেতিয়াবা প্ৰকৃতিৰ কাষলৈ গৈ পাইছানে ? নিজাকৈ তোমাৰ এজোপা গছ আছেনে, যিজোপা গছৰ যতন তুমি নিজেই লোৱা ? যিজোপা গছৰ কাষত তুমি কিছু সময়ৰ কাৰণে থিয় দিয়া ? যিজোপা গছক তুমি তোমাৰ প্ৰিয় গীত এটি শুনাইছা ? যদি এতিয়াও নাই, তেন্তে আজিৰ পৰাই নিজাকৈ এজোপা গছৰ সৈতে বন্ধুত্ব গঢ়ি লোৱা। গছে কেতিয়াও নিসংগ নকৰে। তোমাৰ/তোমালোকৰ অভিযোগ - তোমাক/ তোমালোকক কোনেও নুবুজিলে। যি তোমাক বুজে, তেওঁ তোমাৰ চকু পঢ়িও বুজিব। তুমি সেই সুযোগ দিছানে ? ক'ৰবাত তোমাৰ ফালৰ পৰাও কিবা কম হৈ আছে নেকি ? নে তোমাৰ কোনোবাখিনিত প্ৰকাশভংগীৰ ভুল আছে ? নিজকে সোধা। উত্তৰ নিশ্চয় পাবা। উত্তৰ পোৱাৰ আগেয়ে হাৰ নামানিবা। তুমি/তোমালোকে অতি ভালপোৱা কোনোৱে তোমাক এৰি গুচি গ'ল। গতিকে তোমাৰ কাৰণে জীৱন লগে লগে হৈ পৰিল অৰ্থহীন। এনেকুৱা হয় জানো ? সেই ভালপোৱা গৰাকী তোমাৰ সমগ্ৰ জীৱনৰ অজস্ৰ ভাগৰ মাজৰ এটা সৰু ভাগ মাত্ৰ। তেওঁক বাদ দি নিজকে দূৰত ৰাখি যদি নিজলৈ চোৱা তোমাৰ জীৱনত আন বহুকেইটা বিশেষ ভাগ আছে। তুমি এটা মাত্ৰ কথাৰ কাৰণে নিজকে শেষ কৰি দিবলৈ ওলোৱা কথাটো নিজৰ প্ৰতি চৰম অন্যায় নহয়নে ? আৰু এটা কথা, যি তোমাৰ নহয়, তেওঁক জোৰ কৰি নিজৰ কৰি ৰখাতকৈ মুক্ত কৰি দিয়া উচিত। ভালপোৱাত একো বান্ধোনেই নাই। ভালপোৱা সদায়েই মুক্ত। এইখিনি বুজিব পৰা হোৱাকৈ তোমালোক যথাৰ্থতে ডাঙৰ হৈ উঠা, মোৰ এয়ে আশা। কেতিয়াবা এনে হয়, সকলোবোৰ কথাই অৰ্থহীন লাগে, নিজৰ জীৱনটোৰ সময়বোৰ যেন এনেয়ে খেদালো ,এনে লাগে। এনেকুৱা কেতিয়াবা প্ৰায় সকলোৰে হয়। এনেকুৱা লাগিলে বৰ হতাশ লাগে। তোমালোকৰ মাজৰে এগৰাকীয়ে লিখিছা - ' ইমান অৰ্থহীন ভাৱে জীৱনটো কটালো। ভিষণ ছুইছাইড কৰিবলৈ মন গৈ আছে। ' এই যিমুহূৰ্ততে এই অৰ্থহীন ভাৱটো মনলৈ আহে, সেই মুহূৰ্তটোৰ পৰাই জীৱনটো অৰ্থপূৰ্ণ কৰিবলৈ আমি চেষ্টা কৰিব নোৱাৰোনে ? তাৰ সলনি, একেবাৰে জীৱনটোৱেই শেষ কৰি দিবলৈ বিচৰাটো কেনে কথা ? আমাৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱেই হ'ল আমি মানসিক স্বাস্থ্যৰ দিশটোতে আটাইতকৈ কম গুৰুত্ব দিওঁ, বা একেবাৰে কম গুৰুত্ব দিওঁ। তোমালোকে/তুমি ভাবা এইটো নিজে নিজে ঠিকে থকা বিষয়। আমাৰ শাৰীৰিক স্বাস্থ্যৰ যিদৰে আমি যত্ন ল'ব লাগে, একেই যত্ন আমি আমাৰ মনবোৰৰোল'ব লাগে। প্ৰথমে নিজৰ মনৰ ,তাৰ পিছত আমাৰ সৈতে জড়িত হৈ থকা সকলৰ মনৰ। বহু সময়ত আমাক প্ৰকৃত মানসিক পুষ্টিৰ প্ৰয়োজন হয়। সেই পুষ্টি নাপাওতে নাপাওতে আমাৰ মানসিক স্বাস্থ্য তেনেই দূৰ্বল হয়। আৰু দূৰ্বল মনে কোনো সৱল কথাই চিন্তা কৰিব নোৱাৰে। তেনে মনে প্ৰায়েই ভুল সিদ্ধান্ত লয়। আৰু ভুল সিদ্ধান্তৰ ফলাফল সদায়েই ভুল হয়। তোমালোকে মনৰ মাজৰ যুজঁবোৰ এই দূৰ্বল মানসিক অৱস্থাৰ বাবে বহুত বেছি কষ্টকৰ অনুভৱ কৰা। তোমালোকে কথাবোৰ খুলি ক'বলৈ বৰ লাজ কৰা। অথচ খুলি ক'লেহে তাৰ সমাধান এটা দিবলৈ সহজ হয়। সেয়েহে তোমালোক সকলোৰে বাবে আজি এইখিনি কথা লিখিলো। তোমালোকে সৰহখিনি সময় আনে তোমালোকৰ বিষয়ে কি ভাবে,কি কৰিলে, কিয় কৰিলে এইবোৰ ভাবিয়েই কষ্টত,অশান্তিত ছাটিফুটি কৰি থাকা। কিয় থাকা ? তেওঁলোকৰ তোমাৰ/তোমালোকৰ জীৱনৰ ওপৰত সদৰ্থক অৰিহণা কিমান ? যদি নায়েই, তেন্তে তেনেকুৱা মানুহৰ নামত সময় দিবলৈ তোমাৰ ইমান বহুমূলীয়া জীৱনটোত সময় ক'ত আছে ? তেওঁলোকৰ নামত সময় দিছা মানেইতো সময়ৰ অপব্যয়। আৰু বহুত কথা আছে। মই জানো, তোমালোকৰো বুকুত ধেৰ কথা আছে। বিশ্বাসী কাৰোবাক ক'বলৈ বিচাৰিছা। যদি ভাবা, কথাবোৰ ক'লে তোমালোকৰ ভৰ পাতলিব কৈ পেলাবা। তোমালোকৰ মাজৰ দুই /একে কোৱাৰ দৰে তোমালোকেও মোক ক'ব পাৰা। মই নিশ্চয় শুনিম। ক'বলৈ অসুবিধা পালে মোৰ ঠিকনালৈ চিঠি লিখিবা। প্ৰয়োজন হ'লে মোৰ ফোন নাম্বাৰ অথবা email address ও দিম। তোমালোকৰ কাৰোবাক যদি মোৰ ঠিকনা লাগে, বিচাৰিলে নিশ্চয় দিম। কিন্তু নিজকে শেষ কৰাৰ চৰম সিদ্ধান্ত লোৱাৰ আগেয়ে, এই কথাখিনি যদি পঢ়িছা, এবাৰ মোক জনাবা। আমি কথা পাতিম। তোমাৰ কথাবোৰ শুনিম। এই জীৱন এবাৰেই পাবা। জীৱনৰ প্ৰতি অন্যায় নকৰিবা। মানসিক স্বাস্থ্যৰ যত্ন ল'বা। মনোৰোগ বিশেষজ্ঞ বা মন:স্তত্ববিদৰ ওচৰলৈ যোৱা মানেই মগজুৰ বিকৃতি থকা নুবুজায়। এয়া একধৰণৰ প্ৰয়োজনীয় সতৰ্কতা। তোমালোক খুব মৰমৰ। তোমালোক খুব ভালে থকাতো বিচাৰো। তোমালোকৰ কাষত সদায় আছো। মাত্ৰ নিজকে জোৰ কৰি জীৱনৰ পৰা বিচ্ছিন্ন নকৰিবা, তোমালোকলৈ অনুৰোধ মোৰ।
(জীৱনৰ হকে এখোজ সদৰ্থকতাৰে আগুৱাবলৈ কোনোবা মুহূৰ্তত কাৰোবাক আপোনাৰ অকণমান আন্তৰিক সহায়ৰ প্ৰয়োজন হ'ব পাৰে। আপোনাৰ চৌপাশে এনেকুৱা অনেক থাকিব পাৰে। তেওঁলোকক অধিক নিসংগ কৰি এৰি দিয়াতকৈ তেওঁলোকক জীৱনমুখী কৰাত সহায় কৰক। আপুনি নিশ্চয় পাৰিব।)