ডাক্তৰ ইমান ক'লা থাকে নেকি ?
সৰুতে আমাৰ বৰ বিশেষ অসুখ বিষুখ হোৱা মনত নপৰে ।
অসুখৰ নামত প্ৰতি ছমাহত জ্বৰ পানীলগা কাহ হৈছিল । কেতিয়াবা এইবোৰকে বৰ বেছিকৈ হৈছিল । তেতিয়া দেউতাই তিনি কিল'মিটাৰ চাইকেল মাৰি গৈ ডাক্তৰ মাতি আনিছিল ।
ডাক্তৰ বুলি ক'লে সদায়েই দুজন বিশেষ ব্যক্তিৰ কথাই মনলৈ আহে । তাৰে এজন ডাক্তৰ এনে আছিল আমাৰ আটাইকেইটা ল'ৰা ছোৱালীৰ জন্মৰ সময়ত তেখেতে মাক যাবতীয় চিকিৎসা দিছিল । তেখেত আছিল আমাৰ পৰিয়ালৰ ডাক্তৰ । সচৰাচৰ ডাক্তৰ বুলি ক'লে যেনেকুৱা এটা চেহেৰা মনলৈ আহে ,তেখেতৰ চেহেৰা একেবাৰেই তেনেকুৱা নাছিল । এবাৰতো বেজী দিয়াৰ খঙৰ ভমকত মই সুধিয়েই দিছিলো -' আপুনি ইমান ক'লা কিয় ? ডাক্তৰ ইমান ক'লা থাকে নেকি ?' পিছলৈ তেখেত ঘৰলৈ আহিলেই মোক জোকাইছিল -'তোক ক'লা ডাক্তৰ এটাৰ লগতে বিয়া পাতি দিম '। আমাৰ শৈশৱৰ আটাইতকৈ ভয়ৰ কাৰক আছিল তেখেত । ক'লা বেগটোৰ ভিতৰত সুমাই অনা ইনজেকশ্যন কেইটা আমাৰ ত্ৰাসৰ কাৰণ আছিল । তেখেত পদূলিমুখত থিয় দিয়াৰ লগে লগে যেন অসুখ পলাই পত্ৰং দিছিল । লাহে লাহে ভয়বোৰ সমীহলৈ পৰিবৰ্তন হৈছিল । তেখেত আমাৰ শ্ৰদ্ধেয় হৈছিল । আহোতে যাওঁতে দেখা পালে সমীহেৰে মাত লগাইছিলো । মোৰ মেট্ৰিক পৰীক্ষাৰ আগদিনা দেউতাৰ যেতিয়া টান নৰীয়া হৈছিল তেখেতে দেউতাৰ মূৰ্ছিত কঁপালত হাত থৈ কৈছিল -'ঠাকুৰ ,ঈশ্বৰে সকলো ভাল কৰিব ।' সেইদিনা ফিজ নোলোৱাকৈয়ে মৌন হৈ তেখেত গুচি গৈছিল । সেইদিনা তেখেতৰ চকুত অসহায়তা আছিল । আমি ঈশ্বৰ বুলি ভবা মানুহজনৰো এজন ঈশ্বৰ আছিল । সেইজন ঈশ্বৰে দেউতাক সুস্থ কৰিছিল ।
আনজন ডাক্তৰ আছিল আমাৰ শৈশৱৰ আটাইতকৈ পচন্দৰ ডাক্তৰ । হাঁহিমুখীয়া ,সহজে বেজী নিদিয়া সেইজন ডাক্তৰ আমাৰ কৈশোৰ সপোনৰো উৎস হৈছিল । সেয়া আছিল এক সুকীয়া ফেণ্টাচী !
পৰিয়ালৰ দ্বাৰা পৰিত্যক্ত অৱস্থাত ঈশ্বৰৰ দ'ৰে অতি সহমৰ্মীতাৰে আমাৰ প্ৰথম মাতৃত্বক সৰগীয় আনন্দমধুৰ কৰি তুলিছিল এগৰাকী ডাক্তৰে । এই জীৱনত তেখেতৰ ঋণ সিদ্ধাৰ্থ আৰু মই কাহানিও সুজিব নোৱাৰো ।
ডাক্তৰে কন্দুৱাইছেও ।
আঢ়ৈ বছৰীয়া ভাগিনজনীৰ জটিল ৰোগত দিশহাৰা হোৱা আমাৰ পৰিয়ালটোক চূৰাণ্ত অমানবীয়তাৰে অভব্য আচৰণ কৰা ডাক্তৰগৰাকীক বোধহয় কাহানিও নাপাহৰো ।
তথাপি প্ৰিয় ডাক্তৰসমাজ । ঈশ্বৰ বুলি ভাবো তেখেতসকলক । বন্ধুৰ দ'ৰে কথা ভগাই ল'ব পৰা ডাক্তৰ পাইছো । ভাতৃসম ডাক্তৰ পাইছো । মোৰ অকণমান অসুস্থতাতে ঔষধৰ কম্পজিশ্যন সুধি সেই সম্পৰ্কে সবিশেষ বুজাই দিয়া সুহৃদ ডাক্তৰে আমাক সাহস দিয়ে ।
আজি এই ডাক্তৰৰ দিনত আমি সেই প্ৰতিগৰাকী মানবীয়তাৰ বাণীৰে দিক্ষা লৈ চিকিৎসা সেৱা আগবঢ়োৱা ডাক্তৰক জনাইছো আন্তৰিক শুভকামনা ।