top of page

আহা, আমি সকলো জীৱনলৈ উভতি আহো।

Updated: Jul 22, 2020

পৃথিৱীৰ আটাইতকৈ ওখ গছ জোপাতকৈও ওখ এজোপা গছ হয়তো ক'ৰবাত আছে। হয়তো আৱিষ্কাৰ হোৱা নাই।

আৱিষ্কাৰ নোহোৱাকৈ বহুত কথা থাকে। মানুহৰ অন্তৰ্জগতৰো এনে অজস্ৰ কথা থাকে। জ্ঞাতে অজ্ঞাতে আমি এজন নিৰাপদ, নিৰ্ভৰযোগ্য শ্ৰোতা বিচাৰি ফুৰো, যাৰ সন্মুখত আমি বুকুত লৈ ফুৰা কথাৰ ভৰটো পাতলাব পাৰো।

কিন্তু দূৰ্ভাগ্যজনক ভাৱে তেনে এজন শ্ৰোতা বৰ সহজে বিচাৰি পোৱা নাযায়। কিন্তু একেবাৰে নোপোৱাও নহয়। বিচাৰিব জানিলে পোৱা যায়।

শ্ৰোতা এজন বিচাৰি পোৱা এই কাৰণেই অকণমান কষ্টকৰ কাৰণ সৰহ সংখ্যক মানুহেই বক্তা হ'ব পাৰে, তেনেই নগন্যসংখ্যকেহে আচলতে ভাল, নিৰাপদ শ্ৰোতা হয় বা শ্ৰোতা হোৱাৰ কছৰৎ কৰে।

কিছুদিনৰ আগতে মহাবিদ্যালয় এখনৰ পৰা ভাইটি এজনে ফোন কৰিছিল। ফোনত আন এজন অচিনাকি ভাইটিৰ সমস্যাৰ বিষয়ে কৈছিল। 'সি বৰ দু:চিন্তাত পৰিছে বাইদেউ, পৰীক্ষা দিবলৈ নোৱাৰিব বুলি। প্ৰিন্সিপালে তাৰ দেউতাককো মতাই আনিছে। সি ভিষণ লাজ পাইছে। হতাশ হৈছে। ' 

মই আন সকলো বাদ দি ফোনত কথা পতা ভাইটিজনক সেই অনাহুত পৰিস্থিতিত হতাশা আৰু  অস্থিৰতাত ভোগা ল'ৰাজনৰ কাষত থাকিবলৈ ক'লো। 

ক'লো, 'তেওঁক ক'বা,পৃথিৱীৰ আটাইতকৈ ওখ গছজোপাতকৈও ওখ এজোপা গছ ক'ৰবাত আছে। তেওঁ যিমান হতাশা আৰু অস্থিৰতাত ভুগিছে,তাতকৈ শতগুণ বেছি হতাশা আৰু অস্থিৰতাত কোনোবাজন ভুগি আছে। তেনে এজনক হতাশা আৰু অস্থিৰতাৰ পৰা উলিয়াই আনি জীৱনমুখী কৰিবলৈ তেওঁক স্থিৰ হ'বলৈ, ধৈৰ্য্য ধৰিবলৈ কোৱা। আৰু এটা বিশ্বাস তুমি তোমাৰ অন্তৰৰ পৰা সততাৰে তেওঁক দিয়া-তেওঁৰ লগত তুমি আছা।' 

দুদিন পিছত সেইখন মহাবিদ্যালয়ৰ আন এজন ছাত্ৰই আত্মহত্যা কৰিলে।সেই খবৰটোও মোক এই ভাইটিজনেই দিলে। 

'হাঁহি স্ফুৰ্টি কৰিয়েই আছিল। ঘটনাটোৰ আগ মুহূৰ্তলৈকে হোস্টেলত ঢোল বজাই আছিল।' ভাইটিটোৱে কান্দো কান্দো মাতেৰে কৈছিল।

'তোমালোকে নেদেখাকৈ তেওঁৰ এটুকুৰা ঘাঁ সৃষ্টি হৈছিল হয়তো। এজন শ্ৰোতা বিচাৰি নাপালে চাগে যাক ক'ব পাৰিলেহেঁতেন তেওঁৰ ঘাঁ টুকুৰাৰ কথা'

সেইদিনা পালো আন এখন মহাবিদ্যালয়ৰ প্ৰায় একে বয়সৰ এজন ছাত্ৰই আত্মহত্যা কৰিছে। কান্দোনৰ ভৰত দো খাই পৰা মাকৰ ছবিখনে আমাকো ক'ৰবাত জোকাৰি গৈছে।

কিয় ইমান চৰম সিদ্ধান্ত লয় মানুহে ? নিজৰ প্ৰতি ইমান নিষ্ঠুৰ কিয় হয় মানুহ ? এই যে উঠি অহা ল'ৰা ছোৱালীবোৰ, ইমান সপোন, ইমান সম্ভাৱনা, ইমান সৃষ্টিশীলতা-এনেকৈ মুহূৰ্ততে নিঠৰ হৈ পৰা - এইকথা কিদৰে সহজভাৱে ল'ম আমিবোৰে।

বহুত ভাবি চিন্তি সেয়েহে এই বিষয়ে কিছু লিখাৰ কথা ভাবিছো। বিভিন্ন দিশৰ পৰা আত্মহত্যা কৰা মানুহৰ মানসিক অৱস্থাৰ বিষয়ে, পৰিস্থিতি যিয়ে এনে এটা সিদ্ধান্ত ল'বলৈ বাধ্য কৰে সেই বিষয়ে অধ্যয়ন কৰাৰ যত্ন কৰিছো। 

কিছু উমৈহতীয়া কাৰণ বিচাৰি পাইছো। প্ৰায়বোৰ আত্মহত্যাৰ ঘটনাৰ লগত ইয়াৰ এটা নহয় এটা কাৰণ জড়িত থাকেই হয়তো। 

কিন্তু এইখিনিতে এটা আশ্বৰ্যকৰ কথা হ'ল -পৃথিৱীত বোধকৰো এনেকুৱা মানুহ খুব কম ওলাব যি এবাৰলৈও, ক্ষণিকৰ বাবে হ'লেও আত্মহত্যাৰ কথা (আত্মহত্যা নহ'লেও অন্ততঃ 'মই মৰি যোৱাই ভাল' এইধৰণে ভবা) নভবাকৈ আছে। 

আপুনি/মই/আমি নিজৰ জীৱনলৈ ভুমুকিয়াই চালে এইকথা উপলব্ধি কৰিব পাৰিম। কিন্তু জীৱনৰ বাবেই মানুহ তেনে এটা বোধৰ পৰা আতৰি আহে। কিছুমান মানুহ আহিব নোৱাৰে। তেওঁলোকে আত্মহত্যা কৰে। 

যোৱা প্ৰায় পোন্ধৰ বছৰে ভিন্ন বয়সৰ, ভিন্ন চিন্তাৰ, ভিন্ন সামাজিক স্থিতি, ভিন্ন আদৰ্শৰ অলেখজনৰ সৈতে মোৰ কথা বাৰ্তা হৈছে। তেওঁলোকৰ মাজৰ অনেকৰ অন্তৰ্জগতৰ অনেক নোকোৱা কথাৰ ভাগ মোক দিছে। অনেকৰ চকুপানীৰ মুখামুখি হৈছো। জীৱনৰ প্ৰতি বিতশ্ৰদ্ধ হৈ জীৱন শেষ কৰি দিবলৈ বিচৰা কোনো কোনোক জীৱনমুখী কৰাতো একধৰণৰ মিশ্যন হিচাপে লৈছো। তেনে মানুহ জীৱনলৈ উভতি অহা দেখিলে আচৰিত সুখ অনুভৱ কৰিছো। 

সেয়েহে আজি যি লিখিম মোৰ এই পোন্ধৰ বছৰীয়া অভিজ্ঞতাৰ পৰাই লিখিম। কোনে জানে,এই লেখা পঢ়ি থকাসকলৰ মাজৰে কোনোৱে হয়তো আত্মহত্যাৰ কথা ভাবি অস্থিৰ হৈ আছে। এই লেখা পঢ়ি তেওঁ যদি জীৱনলৈ উভতি আহে, সেয়াই জানো এই লেখাৰ সাৰ্থকতা নহ'ব। 

আত্মহত্যাৰ চিন্তাৰে অস্থিৰজনৰ মানসিক জগতখন হতাশগ্ৰস্ততা, বিষাদগ্ৰস্ততা, উদ্বিগ্নতাৰে ভাৰাক্ৰান্ত হৈ থাকে। 

সৰহ সময়তে দেখা যায়, এনেলোকৰ ধাৰণাত তেওঁক বাদ দি পৃথিৱীৰ সকলো মানুহেই বেছি সুখী, বেছি প্ৰতিভাৱান, বেছি জনপ্ৰিয়, বেছি আকৰ্ষণীয়। এই ধৰণৰ তুলনাবোৰে ইমান বেছি দৃঢ়ভাৱে খোপনি পোতে যে এই চিন্তাৰ মানুহবোৰে সংগোপনে এক খোলাত আত্মগোপন কৰা আৰম্ভ কৰে। 

আত্মগোপনৰ পৰ্যায়ৰ সমানে সমানে নিজৰ প্ৰতি অসন্তুষ্টি বাঢ়ি যায়, নিজৰ কি কি নাই তালিকাখন দীঘল হৈ গৈ থাকে, জীৱনৰ প্ৰতি ক্ষোভ ,অভিমানৰ মাত্ৰা পাহাৰসম হয়। 

অথচ কাকো খুলি ক'বও নোৱাৰে। এনে মানুহে প্ৰায়েই নিজকে সমূহৰ ওচৰত একেবাৰে ঢাকি ৰাখে , অত্যন্ত সচেতনতাৰে লক্ষ্য কৰে যাতে তেওঁৰ মনৰ জগতৰ ধুমুহাজাকৰ উমান কোনেও নাপাওক। সেয়েহে কোনো মুহূৰ্তত এনে মানুহ খুব হুলস্থুলিয়া হয়, প্ৰয়োজনতকৈ বহুত বেছি খাবলৈ মন কৰে বা ঘনাই খায়। কমকৈ শোৱে বা সময় নাই অসময় নাই কেৱল শুই থাকে।

কিন্তু সুৰুঙা পালেই এনে মানুহে নিজকে আঘাত কৰে, অহৰহ  আনৰ সৈতে নিজকে তুলনা কৰে। এনে মানুহৰ দৃষ্টি খুব সুকীয়া ধৰণৰ হয়। আচৰিত শূন্যতা অথবা একধৰণৰ খালিভাৱ থাকে এনে মানুহৰ দৃষ্টিত। য'লৈ চাই আছে,সেয়া হয়তো তেওঁ দেখাই নাই। তেওঁ হয়তো চাই আছে যদিও একো দেখা নাই। 

এবাৰলৈ যদি এনে মানুহৰ এই দৃষ্টি চিনি পাব পৰা যায়, তেন্তে সেই মানুহজন/মানুহজনীক জীৱনলৈ উভতি অনাৰ সম্ভাৱনা থাকে। 

ধৰি লোৱা হ'ল,তেনে এজন মানুহ বা এগৰাকী মানুহ আপোনাৰ ওচৰত ধৰা পৰি গ'ল, তেতিয়া আপোনাৰ দায়িত্ব কি হ'ব ? 

একেবাৰে তাৎক্ষণিক দায়িত্বটো হ'ব তেওঁক এই বিশ্বাস আপুনি অন্তৰৰ পৰা দিব পাৰিব লাগিব যে - সেই মানুহজন বা মানুহগৰাকীৰ কাষত আপুনি নিৰাপত্তাৰে আছে। এই কাম মুঠেও সহজ নহয়। সচৰাচৰ এনে মানুহৰ একধৰণৰ অস্বাভাৱিক নিৰ্ভৰশীলতা থাকে। তেওঁ আনকি সৰু ডাঙৰ সকলো কথাতে আপোনাৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হৈ পৰিব পাৰে। গতিকে এই ক্ষেত্ৰত যদি আপোনাৰ সেই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ অসুবিধা আছে তেন্তে এই ক্ষেত্ৰৰ পেছাগত মানুহৰ সহায় লোৱা উচিত অতি সোনকালেই। কাৰণ আপুনি যদি এটা বিশ্বাস দি হঠাতে বিৰক্ত হৈ তেওঁৰ পৰা আতৰি আহে, তেতিয়া পৰিস্থিতি অধিক বিপদজনক হ'ব। 

গতিকে পৰাপক্ষত এনে বিষয়ত উচিত পৰামৰ্শ দিব পৰা কোনো বিশেষজ্ঞ ব্যক্তিৰ কাষ চপা প্ৰয়োজনীয়। আৰু যথাসম্ভৱ এনে মানুহক মুকলি পৰিবেশ, প্ৰকৃতিৰ সৈতে বেছিকৈ ঘণিষ্ঠ হোৱাৰ সুবিধা, ভাল লগা কামৰ এখন তালিকা প্ৰস্তুতত উৎসাহিত কৰা, ইত্যাদিবোৰত আপুনিও সহায় কৰিব পাৰিব। 

যিকোনো প্ৰকাৰে মানুহজন বা মানুহগৰাকীক সেই অনাহুত মানসিক অৱস্থাৰ পৰা উলিয়াই অনাতো তেওঁৰ কাষত থকা সকলৰ দায়িত্ব হোৱা উচিত। গতিকে 'কিয় এনেবোৰ কথা ভাবিছা ? এনেকুৱা নকৰিবা'- এইধৰণৰ কথাবোৰ বাৰে বাৰে কৈ থকা বা আলোচনা কৰা মুঠেও উচিত নহয়। বৰঞ্চ আলোচনাৰ বিষয়বোৰ একেবাৰে সলাই পেলাব লাগে। এশ শতাংশ সদৰ্থক আলোচনা হ'ব লাগে। যিমান পাৰি এজন ভাল শ্ৰোতা হ'ব লাগে। তেওঁ ক'ব বিচৰা কথাবোৰ খুব মুকলিকৈ কোৱাৰ এটা পৰিবেশ দিয়াৰ চেষ্টা কৰিব লাগে।

এনে কৰিলে হয়তো সেই মানুহজন বা মানুহগৰাকী জীৱনলৈ উভতি আহিব।হয়তো নহয়, আহিবই। 

মানুহক আত্মহত্যাৰ চিন্তাই থকাসৰকা কৰাৰ আৰু কিছু কাৰণ আছে।

সেই বিষয়ে পৰৱৰ্তী আলোচনাত লিখিম।


6 views0 comments

Recent Posts

See All
bottom of page