top of page

জেতুলিপকা

Updated: Jul 23, 2020

'তোক যদি মই কেইটামান জেতুলিপকা দিওঁ, তই বাৰু মোক তোৰ মাছজনী দিবিনে ? '


এইবাৰ যেন তাইৰ মনটো অকণমান কুমলিল। ' সচাই দিবিনে ? ' 

' অ দিম বুলি কৈছোঁ নহয় দিমেই। ' 

মুঠতে যেনেতেনে ৰঙক পৰীৰ মাছজনী লাগে। চিচাৰ বটল এটাত পানী ভৰাই আজি এসপ্তাহে পৰীয়ে জীয়াই থোৱা মাছজনী ৰঙক লাগে। যোৱা তিনিদিনে সি কিমান যে কুটুৰিছে তাইক। নাই,তাই কোনোপধ্যেই নিদিয়ে। পুৱা মাকে কেৱল তাৰ কাৰণেই ভাজি দিয়া মালপোৱা দুটা আনি তাইক দিছেহি সি। দেউতাকে টাউনৰ পৰা আনি দিয়া ৰং পেনচিলৰ পেকেটটোও নোখোলাকৈয়ে তাইক আনি দি দিছে। তথাপি তাই তাক মাছজনী নিদিয়ে। চিচাৰ বটলটোৰ ভিতৰৰ পানীখিনিত সাতোটামান ৰঙেৰে তিৰবিৰাই সাতুৰি থকা খলিহনা মাছজনী সি এইকেইদিন সপোনতো দেখিছে। তথাপি পৰীয়ে বুজি নাপায়।

' তই বাৰু মোক কিমান জেতুলিপকা দিবি ? ' 

' তোক যিমান লাগে সিমান '।

সি একে উশাহে ক'লে।

' তোক যদি মই এসোপামান জেতুলিপকা বিচাৰো, তইনো মোক ক'ৰপৰা আনি দিবি কচোন ৰঙ ? ' তাৰ চকুযোৰ তিৰবিৰাই উঠে। চকুৰ সন্মুখত জিলিকি উঠে এদৰা জেতুলিপকা।

সি ফুচফুচাই কোৱাদি কয়- ' যমৰ কাঠনিত লোমালোমে জেতুলিপকা লাগি আছে। তোক ইমান আনি দিম যে তই খাই খাই শেষেই কৰিব নোৱাৰিবি। ' 

যমৰ কাঠনি যমৰ কাঠনি পৰীৰ বনফৰিঙৰ দ'ৰে গাটো আগলি কলাপাত এখনৰ দ'ৰে থৰথৰকৈ কঁপে।

চকুৰ আগত ফেট তুলি নাচে মচোৱাগোম সাপ এডালে। কৰঙণৰ চুকত বহুদিনৰ পুৰণি বিষ এটা উকাই।

তাই সেহাই উঠে- ' ৰঙ অ ', যমৰ কাঠনিলে ভুলতো নাযাবি। তাত দিনতে দতে ধৰি থ'ব। ইমান বিষাই ' 

বহুদিনৰ মূৰত এটা গল্প লিখিছো- ' ভয় '

6 views0 comments

Recent Posts

See All

'কোনোবাখিনিত মই একেবাৰেই ভৰষাত ল'ব নোৱাৰো পুৰুষক। ভালপোৱাক আস্থাত ল'ব নোৱাৰো। তুমি জানা। তুমি সকলো জানা। কিজানি মই বৰ প্ৰেমহীন মানুহ।তোমাক হেৰুৱাব বিচৰা নাছিলো।কিন্তু হেৰুৱাই পেলালো।একেবাৰেই হেৰুৱাই প

কেইবাদিনৰ মূৰত তথাগত আজি আদিংগীৰিলৈ আহিছে। সি অহা দেখি ল'ৰা ছোৱালী জাক উফৰি অহাদি আহিলে তাৰ ওচৰলৈ। আটাইতকৈ থোপোকাটোৰ Direct complain- 'তই আমাক পাহৰি গ'লি ককাই'। তথাগতই সিহঁতক 'ককাই' সম্বোধনটো শিকাইছিল

অহা যোৱা কৰিব পৰা বাটটোৰ একেবাৰে মাজতে গছজোপা। প্ৰকাণ্ড গা গছেৰে নদীখনৰ ফালে হাউলি গৈছে।গেটৰ মুখত 'সতী ৰাধিকা উদ্যান বা ৰিভাৰ ফ্ৰণ্ট পাৰ্ক' বুলি লিখা আছে যদিও এইখনক পাৰ্ক বুলি ক'বলৈ বৰুণৰ মন নাযায়। '

bottom of page