top of page

'কানীন' হৈ কোনো নাথাকক।

Updated: Jul 22, 2020

চৌব্বিশ বছৰীয়া ডেকা ল'ৰাটোৱে বহুত দিনৰে পৰা ভোকত থকা মানুহৰ দৰে তেওঁ অনা টিফিনৰ বাতিটোৰ পৰা দূপৰীয়াৰ আহাৰ খাই আছে। তেওঁ ৰ লাগি চাই ৰয়। মুখত জান নিজান ফুটো নুফুটো হাঁহি! -ময়ো চাই থাকো। বুকুখন খুন্দা মাৰি ধৰে মোৰ। মই যে এজনী মাক। ল'ৰাটোৱে আপোনমনে গাড়ীখনৰ পাৰ্টচ এটা মেৰামতি কৰি আছে। দুয়োহাতত তেল,মবিলৰ দাগ, মুখতো,বগা চোলাটোতো সেই দাগ। মানুহজনীয়ে গেৰেজটোৰ বাৰান্দাত বহি ৰ লাগি চাই আছে। উৰা মাৰি যোৱাৰ দৰে গৈ যেন ময়ো তেওঁৰ কাষতে বহিলো। বাৰে বাৰে চচমাৰ কাচ ভিজে তেওঁৰ। মই তেওঁৰ বুকুৰ মাতষাৰ শুনো- আঐ দেহি,মোৰ সোণ পুতলি, এই দুখন হাতেৰে কিমান টান কামবোৰ কৰি আছ দেহি!' তেওঁৰ চাগে দুচকুত ঘৰখনৰ ছবি ভাহি আহে-আলফুলে ডাঙৰ হোৱা ল'ৰা ছোৱালী হাললৈ মনত পৰে। তেওঁ চচমাৰ কাচ বাৰে বাৰে মচে। তেওঁ দিয়া টি চাৰ্টটো পিন্ধি খঙাল ল'ৰাটোৰ চকুৱে মুখে প্ৰথম হাঁহি এটা বাগৰি যায়। মুখখন তেনেই পোহৰ পোহৰ হৈ পৰে। খোজ নিদি সি যেন কণমানি এটাৰ দৰে দেও দি যায়। ৰাস্তাটোৰে অহা যোৱা কৰা গাড়ীবোৰলৈ চাই চাই সি বহি থাকে। তাক ৰ'বলৈ কৈ থৈ যোৱা মেমচাহাবলৈ বাট চাই ৰৈ থাকে সি। লাহে লাহে পোহৰবোৰ এন্ধাৰ হয়। মই আকৌ যেন  উৰা মাৰি গৈ তাৰ কাষ পাম। লাহেকৈ কান্ধত হাতখন থৈ ক'ম -' ব'লা, নুঢুকুওৱা হাঁহি অকণ বিচাৰি যাওঁতে মই তোমাক লগ দিওঁ।'

'কানীন কানীন'- প্ৰথম শব্দটো শুনোতে একেবাৰে অচিনাকি শব্দ আছিল। অথচ 'ৰাজীৱ ঈশ্বৰ' তেনেই চিনাকি। বহু বছৰৰ আগতেই ৰীতা চৌধুৰী বাইদেউৰ 'ৰাজীৱ ঈশ্বৰ' পঢ়িছিলো। সেই 'ৰাজীৱ ঈশ্বৰেই' 'কানীন' হৈছে। 'কানীন' ৰ অৰ্থ মোক মঞ্জুল বৰুৱাই কৈছিল-'কানীন মানে কুমাৰী মাতৃৰ সন্তান'। আচলতে মঞ্জুল বৰুৱাৰ চিনেমা বুলিয়েই প্ৰথমে চিনেমাখন চাম বুলি ভাবিছিলো। এইজন পৰিচালকৰ 'অন্তৰীণ' চাই অভিভূত হৈছিলো। মানুহৰ মনৰ জগতৰ ধুমুহাবোৰৰ ইমান স্পৰ্শকাতৰ উপস্থাপন কৰিব পৰা ছবি পৰিচালকৰ পৰা সদায়েই একধৰণৰ বিশেষ প্ৰত্যাশা থাকে। তাতে 'কানীন' হৈছে 'ৰাজীৱ ঈশ্বৰ'ৰ  কাহিনী। 'ৰাজীৱ ঈশ্বৰ' বহুবাৰ পঢ়িছিলো। পঢ়াৰ হয়তো কাৰণ আছিল। মই এজনী ছোৱালীক চিনি পাইছিলো। কেইবাজনী ছোৱালীৰ পিছত তাইৰ জন্ম হৈছিল। সকলোৱেই তাইৰ মাকক হাঁহিছিল, উপলুঙা কৰিছিল-গালে গালে ছোৱালীৰ মাক বুলি। এই ছোৱালীজনী জন্মৰ কেইদিনমানৰ পিছতে ছোৱালীজনীৰ মাকৰ ওচৰত এগৰাকী মানুহে আচল পাতি কৈছিল- 'তোমাৰ ইমানকেইজনী ছোৱালী। এইজনী ছোৱালী মোক দি দিয়া। মোৰ উদং কোলাত তাই ৰাজকুৱৰীৰ দৰে থাকিব। মোক তুমি এই ভিক্ষা দিয়া'। ছোৱালীজনীৰ মাকে কেচুৱা ছোৱালীজনীক বুকুত খামুচি কৈছিল- 'আপুনি মোক এই অন্যায় অনুৰোধ নকৰিব। তাই আমাৰ সন্তান। আমাৰ কোলাই বোকোচাই উঠিয়েই ডাঙৰ হ'ব। আপোনাৰ কষ্ট মই বুজি পাওঁ। আপুনি তেনে এটা সন্তান তুলি লওক,যাক মাক দেউতাকে নিজৰ পৰিচয় দিব নোৱাৰে। যাক সচাকৈয়ে কোলা এখন লাগে' সেইদিনা সেই মানুহগৰাকীয়ে এই মাকজনীক বেয়া পাইছিল। কিন্তু কিছুদিন পিছত তেখেতে সচাকৈয়ে এক পৰিচয়হীন শিশুক নিজৰ কৰি লৈছিল। ছোৱালীজনীৰ মাক স্বাভাৱিকতে সুখী হৈছিল। মই চিনি পোৱা ছোৱালীজনীক মাকে কথাবোৰ কৈছিল। তাইৰ নিজৰ প্ৰতি মোহ বাঢ়ি যোৱা কথা এইবোৰ তাই মোক তেতিয়াতে কৈছিল। সেইয়াই হয়তো আছিল 'কানীন'ৰ সৈতে মোৰ প্ৰথম চিনাকি (যদিও এই শব্দ চিনাকি নাছিল)। সেই 'কানীনে' পাইছিল এখন সুখৰ ঘৰ। আৰু কিছুমান কানীন ? 'আমুকৰ মাকক দেখিছ, কিমান ধুনীয়া এই বয়সতো ?  গাভৰু কালত বিয়া  বাৰু নহওতেই 'আমুকৰ'লগত লেটি পেটি হৈ কেচুৱা এটাও হৈছিল নহয় ?' 'কি কয়? কেচুৱাতো ?' কওতাই ফুচফুচাই কয়' নকৈছহে , কেচুৱাই টেৱা টেৱা কৰিবলৈ নাপাওঁতেই পিৰাৰে হেচি সিফলিয়া কৰি হাবিত পেলাই থৈ আহিল। আজি চা,কিমান সুখৰ সংসাৰ'। ধুনীয়া মানুহজনীলৈ থৰ লাগি চাই ৰৈছিলো। পিৰাৰে হেচি মৰা কেচুৱা এটাৰ চিঞৰ এটা শুনাৰ দৰে লাগিছিল ক'ৰবাত। গুৱাহাটীত পঢ়িবলৈ অহাৰ কিছুদিন পিছতে জাবৰৰ দমত পৰি থকা  কেচুৱা এটাৰ কথা শুনিছিলো। খবৰ কাগজত ফটোখন দেখিছিলো। পিছলৈ এটা অভ্যাস হৈছিল  জাবৰৰ দ'মবোৰৰ ওচৰত অকণমান ৰৈ যাওঁ। মাত এটা শুনো নেকি? টোপোলা হৈ পৰি থকা কেচুৱা এটা দেখো নেকি ? সেইবোৰ সময়ত হোষ্টেলত মোৰ সৈতে একেটা ৰূমতে থকা, আজিৰ তাৰিখলৈকে মোৰ অভিন্ন বান্ধৱী ৰীতাক কৈছিলো' এনেকুৱা কেচুৱা এটা মই ডাঙৰ কৰিম। ' পিছলৈ সিদ্ধান্ত হৈছিল আমি দুইজনীয়ে ডাঙৰ কৰিম ! সেইবোৰ আছিল হঠাতে ডাঙৰ হ'বলৈ বিচৰা, আবেগিক, সংবেদনশীল দুজনী ছোৱালীৰ সপোন, অবান্তৰ যেন দেখিলেও তাত বুকুভৰা আন্তৰিকতা আছিল। মোৰ মনত আছে, এই সপোনটো ইমান হৃদয়েৰে লৈছিলো যে মায়ে ভয় খাই কৈছিল 'প্ৰথমে পঢ়া শুনা শেষ কৰি কিবা এটা নিজাকৈ কৰ। এইবোৰ বতাহতে ওপঙা কথা নহয়। যিবোৰ কথাত মন দিব লাগে সেইবোৰত মন দে।কোনোবাই তই তুলি ল'বি বুলি কেচুৱা দলিয়াই থৈ নাযায়। তেনেকুৱা কেচুৱা মানুহ কৰিবলৈ মানুহৰ সুকীয়া সাহস লাগিব, শক্তি লাগিব।' লাহে লাহে সময়বোৰ আৰু সলনি হ'ল। সাত বছৰ ইলেকট্ৰনিক মেডিয়াত চাকৰি কৰোতে তেনেকুৱা কত জাবৰৰ দ'মত,পৰিত্যক্ত স্থানত পৰি থকা শিশুৰ ভিজ্যুৱেল দেখিলো। মায়ে কোৱা কথাটো লাহে লাহে বুজিছিলো- এনে কেচুৱা মানুহ কৰিবলৈ সুকীয়া সাহস, শক্তি লাগিব। বহুত কাৰণ আছিল থমকি ৰ'বলৈ। এটা জীৱন গঢ়িম বুলি আনি  কষ্ট দিব নোৱাৰি।এই কথাটো বুজি উঠাৰ পিছতে কোনোবাখিনিত দৃষ্টিভংগী সলনি কৰিছিলো। সাধ্যই  পৰালৈকে সেই শিশুবোৰৰ হৈ কিবা অকণমান কৰিবলৈকে অনাথ আশ্ৰমবোৰলৈ গৈছিলো। নিজৰ উপাৰ্জনৰ এচিকুট সেই শিশুবোৰৰ কাৰণে ৰখাতো অভ্যাস হৈ গ'ল তেতিয়াৰে পৰাই। এদিন প্ৰিয়বন্ধুৰ কাৰ্যালয়লৈ ভণ্টি এজনী আহিছিল।বিশেষ এটা যন্ত্ৰণাই খুলি খুলি খাইছিল তাইক। 'মই কিজানি সেই ৰাতি কেচুৱাটোক যেনেতেনে তাইৰ পৰা লৈ আনিব লাগিছিল। তেনে কৰা হ'লে তাই কেচুৱাতো তেনেকৈ দলঙৰ তলত পেলাই থৈ আহিব নোৱাৰিলেহেতেন। ' ভণ্টিজনীৰ বান্ধৱীৰ কাহিনী এয়া। প্ৰেম, প্ৰেমৰ পৰিণতিত মাতৃত্ব আৰু তাৰপিছত প্ৰেমিকৰ সৈতে লগ হৈ সন্তানটি নি দলঙ এখনৰ তলত পেলাই থৈ আহিল। গোটেই ঘটনাটো এই ভণ্টিজনীয়ে গম পাইছিল। তাই বাৰম্বাৰ অনুৰোধ কৰিছিল-'তহঁতৰ পইচা নাই। দুবছৰলৈকে কেচুৱাটো ডাঙৰ কৰিবলৈ মই পইচা দিম।ৰাতিপুৱালৈকে কেচুৱাটো একো নকৰিবি।' পিছে পুৱালৈ কেচুৱাতো এটা ব্ৰেকিং নিউজ হৈছিল। ফেচবুকত মই সেই মাতৃক দেখিছিলো। সুখৰ কথাৰে ভৰি আছে ৱাল। এটোপালো চকুপানীৰ কথা নাই সেই দেৱশিশুটিৰ নামত। হয়তো শিল হৈ গ'ল সেই মাতৃৰ চকুলো। এতিয়া সেই ভণ্টিজনীয়ে সময় পালে নিৰ্দিষ্ট কেন্দ্ৰটিলৈ যায় কেচুৱাটি  চাবলৈ।কুশলে আছে সি।

কৰ্ণৰ সাধু শুনি কুন্তিক ঘীণ কৰিছিলো। কৰ্ণৰ ওচৰত নিজৰ পৰিচয় দি অৰ্জুনৰ জীৱন ভিক্ষা কৰা কুন্তিৰ প্ৰতি ঘৃণা বাঢ়িছিল। আজিও কোনোবাখিনিত কুন্তিৰ প্ৰতি প্ৰচণ্ড বিদ্বেষ আছে। আনহাতে কৰ্ণৰ প্ৰতি আছে ব্যাখ্যাতীত স্নেহ,শ্ৰদ্ধা। সেয়েহে হয়তো 'ৰাজীৱ ঈশ্বৰো' বিশেষ। আমি বস্তিবোৰত পোৱা 'কানীন'হতৰ চকুত ৰাজীৱ ঈশ্বৰক দেখো। কৰ্ণক দেখো। সেয়েহে 'কানীন' চাবলৈ অধিৰ আগ্ৰহেৰে বাট চাইছিলো। কিবাকিবি অনেক কাৰণত চাব পৰা নাছিলো। আৰু অৱশেষত চিনেমাখন ছবিগৃহৰ পৰা যাবলৈ ওলোৱাৰ পৰত চালোগৈ।

কি পালো মঞ্জুল বৰুৱাৰ 'কানীন'ত ? কিছুমান কথা ভাবিবলৈ যিমান সহজ, ভাঙি পাতি খুলি ক'বলৈ সিমান অসুবিধা। 'কানীন'ত কোনেও যেন অভিনয় কৰা নাই। মন্দিৰাৰ ওঠৰ কপনি, বাৰে বাৰে ভিজি উঠা চচমাৰ কাচ, অস্থিৰতাবোৰ, ৰাজীৱ ঈশ্বৰৰ খং, ৰুক্ষতা, বিৰক্তি- ক'তোৱেইতো নাছিল অভিনয়।   অথচ এয়া অভিনয়। ড.জাহানাৰ বেগমৰ অভিনয় প্ৰথম চাইছো। তেখেতৰ প্ৰতিটো অনুভূতি, প্ৰতিটো প্ৰকাশভংগীৰ সৈতে একাত্ম হৈছো। তেখেতৰ অসহায়তাত উপাই বিচাৰিছো। সন্মোহিতৰ দৰে তেখেতে যেতিয়া সেই শিশু কেন্দ্ৰটোৰ জপনাখন খোলে, বুকুৰ কোনোবাখিনিৰ পৰা আকুলতাৰে বিচাৰিছো -লগ পাই যাওক চৌব্বিশটা বছৰৰ আগতে তেওঁৰ বুকুৰ পৰা আতৰাই নিয়া কেচুৱাকণক। পৰিণতি কি হ'ব তেখেতৰ দৰে আমিও ভবা নাই। কামাখ্যা মন্দিৰৰ পৰা উভতি অহাৰ বাটত বাৰে বাৰে তেখেতৰ চেলফোন বাজি থাকোতে আমিও  বিৰক্ত হৈছো। আৰু শেষত সেই যে তেখেতে দিয়া টি চাৰ্টটো পিন্ধি ৰাজীৱ ৰৈ থাকে, তেতিয়া আমিও অবুজৰ দৰে ভাবিছো- ফোনটো নহা হ'লে। এয়াইতো এখন চিনেমাৰ সফলতা?? দৰ্শকে নিজাকৈ ভাবিবলৈ অনেক কথা, অনেক প্ৰশ্ন, অনেক ভাব। 'কানীনে' সেয়াই দিলে আমাক। সকলোৱেই সমানেই ইমান সুন্দৰকৈ নিজৰ চৰিত্ৰটোক মান্যতা দিছে। ড. জাহানাৰা বেগম আৰু ৰাজীৱ ঈশ্বৰ ৰূপী পাৰ্থ প্ৰতিমৰ কথা কৈছোৱেই। সহজ ভাষাত ক'বলৈ গ'লে অভিভূত। শেষৰ এটা দৃশ্যত মন্দিৰাৰ স্বামী অভিজিতৰ চৰিত্ৰত বাহাৰুল ইছলামে বুকুৰ ভিতৰৰ প্ৰশ্নৰ উত্তাল ঢৌ লৈ একমনে চিগাৰেট হুপি থকা দৃশ্যটো। কি অপূৰ্ব অভিনয়! এজন দায়িত্বশীল স্বামী, পিতৃ, আৰক্ষী বিষয়াৰ চৰিত্ৰৰ যথাৰ্থ ৰূপায়ণ কৰিছে তেখেতে। অভিৰ চৰিত্ৰত ৰাহুল গৌতম শৰ্মাৰ অভিনয় চাই এনে লাগিলে অভি আৰু ৰাহুল ক'ৰবাত এক হৈ গ'ল । অভিয়ে যেতিয়া খোৱাৰ মেজত ভণীয়েকক  'postmodernism'ৰ বিষয়ে বুজাই, যেতিয়া ভণীয়েকৰ জন্মদিনত মন খুলি জুবিন গাৰ্গৰ গান গায়, মাকৰ কথাত বিৰক্ত হৈ খোৱা মেজৰ পৰা উঠি যায়- সেইবোৰ দৃশ্যত ৰাহুলে যেন অভিনয় কৰা নাই। আচলতে চিনেমাখন চাই এনেকুৱা লাগিছে জুহুৰীয়ে সোণ চিনি পোৱাৰ দৰে মঞ্জুল বৰুৱাই 'কানীন'ৰ বিভিন্ন চৰিত্ৰৰ বাবে শিল্পী নিৰ্বাচন কৰিছে। সেইয়া লাগিলে গেৰেজৰ দে বাবুৱেই হওক, ৰাজীৱ ঈশ্বৰৰ পালিতা মাক, মন্দিৰাৰ দেহৰক্ষী দুজন, অকণমান সময়ৰ বাবে দেখা দিয়া 'মালিগাও থানাৰ আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰা শিল্পীজন, গেৰেজৰ নুৰ নামৰ ল'ৰাজন , ৰাজীৱ ঈশ্বৰক জোকাই থকা গেৰেজত কাম কৰা মানুহৰ চৰিত্ৰত অভিনয় কৰা শিল্পীজন, তিৱাৰী জি (মাজে মাজে অসমীয়া ক'বলৈ যত্ন কৰে)- কি অপূৰ্ব অভিনয়। এগৰাকী ক্লাবলৈ যোৱা মহিলা, কণ্যাৰ কিশোৰী মাতৃত্বক লৈ দিগবিদিগ পাহৰি খঙৰ গোসানী হৈ পৰা এগৰাকী মাতৃ, জীৱনৰ অপৰাহ্ণত জীয়েকৰ অতীতমুখীতাক লৈ অসহায় হৈ পৰা এগৰাকী মাতৃৰ চৰিত্ৰত কি সুন্দৰ অভিনয় জ্বলী লস্কৰৰ। কেৱল অভিনয়ৰ দিশটোতে নহয়, গোটেই কাৰিকৰী দিশটোতো পৰিচালকে খুব মনোযোগ দিছে। চিনেমাখনত দুৱাৰ খোলা আৰু জপোৱা এই দুয়োটা কথাই যেন এক প্ৰতিকী অৰ্থ বহন কৰিছে। দৰ্শকক এই কথাটোৰে কাহিনীৰ সৈতে গতি কৰাত যথেষ্ট সহায় কৰিছে। গাড়ীৰ গ্লাচ উঠোৱা,নমোৱাৰ শব্দ, নৈৰ পাৰত মন্দিৰা ৰৈ থাকোতে গোমা হৈ অহা আকাশখনৰ শব্দ- এই শব্দবোৰক ইমান সঠিক সময়ত ব্যৱহাৰ কৰা হৈছে। তৰালী শৰ্মাৰ কণ্ঠৰ সৈতে আমি বাৰে বাৰে একাত্ম হৈছো। ৰাজীৱক মন্দিৰাই গাড়ীত লৈ আহিছে, সন্মুখৰ আসণত ৰাজীৱ। আস্ তৰালী শৰ্মাৰ গীতৰ শব্দই চুই গৈছে।মন্দিৰাই ৰাজীৱক এবাৰ চুই চোৱা হ'লে। আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল চিনেমাখন বুকুত ৰৈ যাবলৈ যিমানখিনি নিৰৱতাৰ প্ৰয়োজন ঠিক সিমানখিনি নিৰৱতাই পৰিচালকে ছবিখনত ব্যৱহাৰ কৰিছে। নিৰৱ হৈ থকা সময়খিনিতে আটাইতকৈ সৰৱ হৈছে চিনেমাৰ কাহিনী। পৰিচালকৰ দক্ষতাৰ বাৰম্বাৰ শলাগ ল'লো।

'কানীন' সকলো দিশৰ পৰা আমালৈ,সমাজলৈ এক বাৰ্তা। এক ডাঙৰ প্ৰশ্নবোধকো 'কানীন'। 'কানীন' সকলোৱেই চাওক। 'কানীন'ক সকলোৱেই উপলব্ধি কৰক। 'কানীন' যে ঈশ্বৰ পুত্ৰ এই কথা যিদিনা সকলোৱেই উপলব্ধি কৰিব, সেইদিনাই হয়তো কোনো দেৱশিশুৰ 'কানীন'চিনাকি নোহোৱা হ'ব। (বিশেষ দ্ৰষ্টব্য- 'কানীন' চিনেমাখনত ৰূপসজ্জাৰ দিশটোত আৰু অকণমান মনোযোগ দিয়াৰ থল আছিল হয়তো। )



6 views0 comments

Recent Posts

See All
bottom of page