top of page

এটা সাধু,মোৰ শৈশৱ আৰু এটা অনলাইন ক্লাছ

মোৰ শৈশৱটো খুন্দ খাই আছে মাৰ মুখত শুনা মেটমৰা সাধুৰ টোপোলাৰে। কথা মনত থকা দিনৰ এখন ছবি চকুৰ আগত সদায় ভাহি থাকে- ডাঙৰ বিচনাখনৰ দুকাষে একাষে ভাইটিক লৈ আৰু একাষে মোক লৈ মাজত মা। এখন হাতেৰে মোৰ কেকোৰা চুলিৰ জট ভাঙি আনখন হাতেৰে ভাইটিক গাৰ কাষলৈ চপাই মায়ে সাধু কয়। স্কুলৰ পৰা আহি আবেলি অকণমান বিচনাত পৰোতেও মায়ে আমাৰ দুটাক কাষত লৈ সাধু কয়।মোৰ মূৰত হাত ফুৰাই থাকোতে মাৰ খাৰুত ওলমি ৰোৱা ছেফটি পিনৰ জোকাটো বাৰে বাৰে মুখত লাগিছিল। সেইটো যেন মোৰ কাৰণে এটা খেল আছিল।

মায়ে যে কিমান সাধু কৈছিল। তেজিমলাৰ সাধু,মহাভাৰত ৰামায়ণৰ কাহিনীবোৰ, পঞ্চতন্ত্ৰৰ সাধু, জাতকৰ সাধু, তূলা আৰু তেজা, কাচনীকুৱৰীৰ সাধু, বত্ৰিশটা পুতলাৰ সাধু, কমলাকুৱৰীৰ সাধু আৰু যে কত। কিমায়ে কিছু সংখ্যক বিশ্ববিখ্যাত লেখকৰ বিখ্যাত কাহিনী কিছুমান সাধু আকাৰে বৰ ৰস লগাই কৈছিল। তাৰ ভিতৰত এডিছনৰ বাল্ব আৱিষ্কাৰৰ কাহিনী, নিউটনৰ আপেলটোৰ কাহিনী, জুলিয়াচ চিজাৰৰ কাহিনী, শংকৰদেৱ মাধৱদেৱৰ কাহিনী, চিলাৰায় ভগদত্তৰ কাহিনী, নৰকাসুৰৰ কাহিনী, গেলিলিউৰ কাহিনী, মেডাম কিউৰীৰ কাহিনী ইত্যাদি অনেক কাহিনী। আজি এই লেখাটো লিখি থাকোতেও মোৰ জীৱনৰ প্ৰথম কথক মাৰ সেই সাধু কৈ থকা দৃশ্যটো চকুৰ আগত ভাহি আছে।

সাধুবোৰৰ মাজত খুব প্ৰশ্ন কৰিছিলো- ' নৰকাসুৰক দেৱীয়ে কিয় মিছা কথা কৈছিল ?'

' তেজিমলাক মাহীমাকে কিয় ইমান বেয়া পাইছিল?'

' কৃষ্ণই কিয় অভিমণ্যুক নবচালে ?'

প্ৰশ্ন কৰি থাকিলে ভাইটিৰ খং উঠিছিল। সি তেতিয়াৰ পৰাই স্বভাৱতে তেনেই কম কথা কোৱা ল'ৰা। মায়ে যথাসম্ভৱ মোৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰিছিল। বহুত উত্তৰে অৱশ্যে মোক সন্তুষ্ট কৰা নাছিল।

সেইবোৰ সময়ত আমাক কোৱা সকলোবোৰ সাধুৰ ভিতৰত মোৰ সবাটোকৈ প্ৰিয় সাধু আছিল-' মাৰ্চেণ্ট অৱ্ ভেনিচ' সাধুটো। উইলিয়াম ছেক্সপিয়াৰৰ বিশ্ববিখ্যাত নাটকখনৰ কাহিনীটোক মায়ে সাধু আকাৰে আমাক কৈছিল। যিমানেই সাধুটো শুনিছিলো চকুৰ আগত বদমাছ্ চাইলক, এণ্টানিঅ' বাচানিয়'ৰ বন্ধুত্ব ভাহি উঠিছিল, ক'লা কোট পিন্ধা বুদ্ধিমতি পৰ্চিয়াৰ ছবি এখন আকি লৈছিলো মনতে। প্ৰথমবাৰ শুনাৰ পিছত এনেকুৱা হৈছিল মায়ে সাধু ক'বলৈ ল'লেই মই জেউৰ ধৰিছিলো' মাৰ্চেণ্ট অৱ্ ভেনিচ'ৰ বাবে। ভাইটি আছিল বিপৰীত। সি মহাভাৰত ৰামায়ণৰ কাহিনীবোৰ শুনি বেছি ভাল পাইছিল। মায়ে তাৰ কথা বেছিকৈ শুনিছিল যদিও মই সাধু শেষ হোৱালৈ যদি টোপনি নোযোৱাকৈ থাকো তেন্তে মোৰ কাৰণে .. কেৱল মোৰ কাৰণে কৈছিল মোৰ প্ৰিয় কাহিনী। বহুবাৰ মাক মই কৈছিলো- মই পৰ্চিয়াৰ দৰে হ'ম। আমাৰ ঘৰত সেইটো এটা আমোদজনক বিষয় আছিল। কিন্তু এদিন মায়েও মোক কৈছিল -এই কাহিনীটো মাৰো খুব প্ৰিয়।

কাহানিও কোনেও সাধু এটা কৈ,চুলিত হাত ফুৰাই টোপনি নিনিওৱা মোৰ মাৰ বুকুত ইমান সাধু কেনেকৈ আছে সেই কথাটো নিজে মাক হৈ বেছিকৈ মনলৈ আহিছিল। মাথো ডেৰ বছৰ বয়সত মায়ে নিজৰ মাকক হেৰুৱাইছিল। ককা আছিল লেখন কাকতি। দিনে ৰাতিয়ে পুথি লেখে। পাচোটাকৈ ল'ৰা ছোৱালীৰ মাজৰ পতান ছোৱালী মাৰ বুকুত কাহিনীবোৰ সজাল দি থাকে সদায়। মা আছিল অহৰহ কিতাপ এখনত মূৰ গুজি থকা মানুহ। আমি সৰুৰে পৰাই দেখিছো প্ৰতি মাহত মায়ে এখনকৈ হ'লেও কিতাপ কিনে। বিয়া হৈ আহোতেও লগত কিতাপৰ টোপোলা লৈ আহিছিল হেনো। কাহিনীবোৰ মায়ে কিতাপৰ পৰা বোটলা, কিন্তু আমাক যেতিয়া মায়ে কাহিনীবোৰ কয় সেইবোৰ জী উঠে। এতিয়া নাতি নাতিনীকো মায়ে সাধু কয়।

মোৰ ল'ৰাটোৰ আইতাকৰ কোলাত বহি সাধু শুনাৰ সৌভাগ্য ন'হল। আমি মাক দেউতাকে তাক সেই অভাৱ নোপোৱাকৈ ৰাখিবলৈ যিমান পাৰো যত্ন কৰিছো। সি আকাশৰ কাহিনীবোৰ শুনি আটাইতকৈ ভাল পায়। ভূগৰ্ভৰ অদেখা পৃথিৱীখনৰ বিষয়েও জনাৰ বৰ আগ্ৰহ।

এদিন মই তাক মোৰ প্ৰিয় সাধুটো কৈছিলো। সি বৰ ভাল নাপালে। আচলতে তাৰ পচন্দৰ বিষয় নহয় সেইটো। তাৰ দুদিনমানৰ পিছত মালৈ ফোন কৰি অনুৰোধ কৰিলো- ফোনতে এবাৰ মাৰ্চেণ্ট অৱ্ ভেনিচ ৰ সাধুটো ক না।

মা তভক মাৰি ৰৈছিল- ইমান ডাঙৰ হ'লি।নিজেও মাক হ'লি, এতিয়াও সাধু শুনিবলৈ জেউৰ ধৰিছ'

তাৰ পিছত ফোনৰ সিটো পাৰে মায়ে সেই আগৰ দৰেই মোৰ প্ৰিয় সাধুটো কৈছিল। মই ৰেকৰ্ডিং কৰি থ'লো। তাৰ পিছত কেতিয়াবা কেতিয়াবা সেই ৰেকৰ্ডিঙটো অকলে শুনো। কিছুমান সম্পদ কেৱল নিজৰ কাৰণে। মাৰ মুখৰ এই সাধুটোও যেন তেনে এটা সম্পদ।

আৰু আজি প্ৰথমবাৰৰ কাৰণে মোৰ ল'ৰাই বৰ মনোযোগেৰে তাৰ প্ৰিয় শিক্ষয়িত্ৰীৰ মুখেৰে শুনিলে মোৰ শৈশৱৰ দিনৰ সেই সাধু ' মাৰ্চেণ্ট অৱ ভেনিচ। 'যোৱা বছৰটোৰ দৰে এইবাৰো অনলাইন ক্লাছতে সিহঁতৰ পাঠ্যক্ৰম আগুৱাব লগীয়া হৈছে। বহু সময়ত সি আমণি পায়। শ্ৰেণীকোঠাৰ দৰে নহয়, বাইদেউহতক ওচৰতে নাপায়, নেটৱৰ্কৰ অসুবিধা বিভিন্ন কাৰণত অনলাইন ক্লাছৰ প্ৰতি তাৰ বৰ আগ্ৰহ নাই। তাতে তাৰ এটা বিশেষ কথাও আছে, সি কিছুমান শিক্ষককহে মনৰ ওচৰ চপাই লয়। খুব স্পৰ্শকাতৰ স্বভাৱৰ হৈছে কাৰণেই হয়তো মানুহৰ ক্ষেত্ৰত বৰ হিচাপী। কিন্তু অনলাইন ক্লাছলৈ মন নকৰা ল'ৰাটোৱে ইংৰাজী ক্লাছটো কি কি বাৰে কেতিয়া কেতিয়া আছে হিচাপ কৰি থাকে। আৰু সেইটো ক্লাছলৈ অধিৰ আগ্ৰহেৰে বাট চায়। আনকি মোকো মাতি আনে-' আহা আকৌ অপৰাজিতা বাইদেউৰ ক্লাছ আছে নহয়, তুমি মোৰ লগত ক্লাছ কৰাহি।'

মই তাৰ আগ্ৰহী মুখখন পঢ়ি চাওঁ। ইমান কম সময়তে কিদৰে এগৰাকী শিক্ষকে প্ৰভাৱ পেলাব পাৰে ,সেই কথা যোৱা চাৰি পাচটা বছৰে তাক দেখি অনুভৱ কৰিছো।

সেইদিনাৰ ক্লাছত হঠাতে বৰ ধুমুহা বৰষুণ আহিলে। কাৰো মাত নুশনা অৱস্থা।ইফালে নেটৱৰ্কৰ অসুবিধা আৰম্ভ হ'ল। সি বৰ আগ্ৰহেৰে ক্লাছটোলৈ ৰৈ আছিল। অৱস্থা দেখি এনেকুৱা লাগিছিল যেন বাইদেউৱে ক্লাছটো কৰিবই নোৱাৰিব।

পিছে বাইদেউৱে ক্লাছ কৰিলে। পাঠ্যপুথিৰ পৰা আতৰি বাইদেউৱে ল'ৰা ছোৱালীখিনিক এটা সাধু ক'বলৈ বিচাৰিলে। বহুত দিনৰ মূৰত ময়ো কাণ উণাই শুনি থাকিলো মোৰ প্ৰিয়সাধুটো - Beautiful and Intelligent পৰ্চিয়ালৈ মনত পৰি গ'ল। মনত পৰি গ'ল ডাঙৰ বিচনাখনৰ দুকাষে ভাইটি আৰু মোক লৈ সাধু কৈ থকা মালৈ। মই কওতে মন নিদিয়া ল'ৰাটোৱে প্ৰিয় শিক্ষয়িত্ৰীয়ে একেটা সাধুকে কওতে মন দি শুনাই নহয় পিতাকক কৈ সাধুটোৰ ভিডিঅ' এটাও চালে।

সাধুবোৰে শিশুৰ সময়ক বৰ ধুনীয়াকৈ সজায়। সাধুৰ পৃথিৱী এখনত এগৰাকী প্ৰিয় কথকেৰে সৈতে প্ৰতি শিশু উমলি থাকক। মোৰ ল'ৰাটোৰ মন চুই যোৱা শ্ৰদ্ধেয় শিক্ষয়িত্ৰী গৰাকীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা যাচিলো। মই এটা কথা অন্ত:কৰণেৰে বিশ্বাস কৰো- প্ৰতি মানুহৰ জীৱনত অন্ততঃ এগৰাকী শিক্ষক থাকক যি আপোনাক বা মোক বা তেওঁক সদায় ইতিবাচক কৰি ৰাখে। সদায় জিজ্ঞাষু কৰি ৰাখে।মোৰ জীৱনত তেনে কেইগৰাকীমান শিক্ষক আছে, যিসকলে আজিৰ মোক গঢ়াত সকলো ইতিবাচক শক্তিক মোলৈ প্ৰবাহিত কৰিছিল। আমাৰ কণমানি ল'ৰাটোৰ জীৱনতো এতিয়া দেখিছো অংকুৰ শ্ৰেণীৰ পৰাই তেনে কেইগৰাকীমান শিক্ষক শিক্ষয়িত্ৰী আছে। এই শিক্ষাগুৰুসকলৰ পোহৰে তাক সদায় পোহৰময় কৰি ৰাখিব বুলি মোৰ বিশ্বাস আছে।

8 views0 comments

Recent Posts

See All

'কোনোবাখিনিত মই একেবাৰেই ভৰষাত ল'ব নোৱাৰো পুৰুষক। ভালপোৱাক আস্থাত ল'ব নোৱাৰো। তুমি জানা। তুমি সকলো জানা। কিজানি মই বৰ প্ৰেমহীন মানুহ।তোমাক হেৰুৱাব বিচৰা নাছিলো।কিন্তু হেৰুৱাই পেলালো।একেবাৰেই হেৰুৱাই প

কেইবাদিনৰ মূৰত তথাগত আজি আদিংগীৰিলৈ আহিছে। সি অহা দেখি ল'ৰা ছোৱালী জাক উফৰি অহাদি আহিলে তাৰ ওচৰলৈ। আটাইতকৈ থোপোকাটোৰ Direct complain- 'তই আমাক পাহৰি গ'লি ককাই'। তথাগতই সিহঁতক 'ককাই' সম্বোধনটো শিকাইছিল

অহা যোৱা কৰিব পৰা বাটটোৰ একেবাৰে মাজতে গছজোপা। প্ৰকাণ্ড গা গছেৰে নদীখনৰ ফালে হাউলি গৈছে।গেটৰ মুখত 'সতী ৰাধিকা উদ্যান বা ৰিভাৰ ফ্ৰণ্ট পাৰ্ক' বুলি লিখা আছে যদিও এইখনক পাৰ্ক বুলি ক'বলৈ বৰুণৰ মন নাযায়। '

bottom of page