এটা সৰু কাহিনী।
Updated: Jul 23, 2020
মই তাইক কৈছিলো- ' তুমিও মোৰ বেষ্টফ্ৰেণ্ড '
তাইমোলৈ এখন চিঠিলিখিছিল ,স্কুলৰপৰা একেলগে আহিমোৰ ঘৰৰ সন্মুখত চিঠিখন মোৰ হাতত দি তাই ঘৰলৈ গৈছিল। তাইৰ স্বভাৱেই আছিল তেনেকুৱা।কথা কোৱাতকৈ ক'ম বুলি ভবা কথাবোৰ চিঠিতে লিখিদিবলৈ ভাল পাইছিল। সেই দিনা দিয়া চিঠিখনত আনকিছু কথাৰ লগতে তাই লিখিছিল -'তুমি মোৰ প্ৰিয়বান্ধৱী। মোক পাহৰি নাযাবা দেই'।
তাৰ পিছত দহবছৰৰ মূৰত তাই মোলৈ এটা দুখৰ খবৰ হৈ আহিল।তাইক জ্বলাই দিয়া হৈছিল গেছৰ বাৰ্ণাৰত। মোৰ অতি মেধাবী আৰু সৰল প্ৰিয়বান্ধৱীক জ্বলাই দিয়া হৈছিল।নবোৱাৰীৰ ৰংবোৰ গাৰ পৰা নাযাওতেই তাইক মাৰি পেলালে। অসহনীয় আছিল সেই যন্ত্ৰণা।তাইৰ হত্যাকাৰীক যথোচিত শাস্তি দিয়াৰ সংগ্ৰামখন চলাইনিলো। ফলাফলো পালো। কিন্তু হাজাৰ শাস্তিয়েওটো ঘূৰাই আনিব নোৱাৰেতাইক।
সময় বহুত সলনি হ'ল।
জীৱনৰ ৰংবোৰো বেলেগ হ'ল।
মনৰ কোনোবাখিনিত দাগ কাটি ৰৈ গ'ল এটাবাক্য -'তুমি মোৰ প্ৰিয়বান্ধৱী। মোক পাহৰি নাযাবা দেই'
'তাই মৰমতে দিয়া শব্দটো সদায়ৰবাবে জীয়াই ৰাখিবলৈ ,গণমুখী মনটোৰ সন্তুষ্টিৰ বাবে আৰু এমুঠি মানুহৰ কামত আহক বুলিয়েই এইদিনটোতে জন্মদিছিলো 'প্ৰিয়বন্ধু'ৰ।
কিছু অন্তৰংগ মানুহক আমন্ত্ৰণ জনাইছিলো প্ৰিয়বন্ধুৰ যাত্ৰাৰ অংশীদাৰ হ'বলৈ।আশাতীত সহাৰি পাইছো ৰাইজৰ। প্ৰিয়বন্ধুৰ সীমা অসমপাৰ হৈ এতিয়া বিদেশ পাইছেগৈ।শুভকামনা আৰু আস্থাৰে ভৰিছে প্ৰিয়বন্ধুৰপেৰা। একেলগে কিছুদূৰ অহাৰ পিছত হয়তো দুই-একৰ বিভিন্নকাৰণত যাত্ৰাপথ বদলিহৈছে।তেওঁলোকৰ উপস্থিতিৰ সময়ৰ সদৰ্থক অৰিহণা সদায়েই স্মৰণীয়।প্ৰিয়বন্ধুৰ যাত্ৰাপথত অকস্মাতে অহা কাঁইটবোৰ আতৰাই দিবলৈ অনেকেই সহৃদয়তাৰ হাত আগবঢ়াইছে।
শত্ৰু-মিত্ৰ সকলোৱে সমৃদ্ধ কৰিছে প্ৰিয়বন্ধুক।
সকলোকে জনাইছো আন্তৰিক কৃতজ্ঞতা।