এজন 'পিতা'ৰ কথাৰে
Updated: Jul 26, 2020
একোকে নুবুজে মানুহজনীয়ে। ভৰা গা -টো কঢ়িয়াই দংদঙাই ঘুৰি ফুৰে তলৌ কৈ। বুজাবলৈ কোনো অভিজ্ঞ মানুহো নাই। পিতা হ'বলৈ ওলোৱা মানুহজনে আটৌ পুতৌ কৰি ৰাখে মানুহজনীক। ' জীয়া পুতলা' এটাৰ হেঁপাহত উলাহৰ মাদলি হৈ ফুৰা মানুহজনীয়ে কেতিয়াবা 'ঘৰলৈ মনত পৰিছে 'বুলি হাঁও হাঁওকৈ কান্দে। কেচুৱা নিচুকোৱা দি নিচুকাব লাগে তেতিয়া। প্ৰায়ে ৰাতি সাধু শুনাব লাগে- ' এখন দেশত এজনী বৰ লখিমী ছোৱালী আছিল'। ৰাতি দুই বজাত গাত ধৰি জোকাৰে- 'মোৰ ভোক লাগিছে। কণী আলু দি বইল ভাত খাম। ' ভৰ টোপনিৰ জালতে কুকাৰত চাউল কণী বঢ়াই দিয়ে পিতা হ'বলৈ ওলোৱা মানুহজনে। মাজনিশাৰ ভৰ বৰষুণত ৰাজভৱনৰ ফালে ফুৰিবলৈ মন যায় মানুহজনীৰ। বৰষুণত তিতি থকা ভঙাগড়ৰ টি ভি চেণ্টাৰৰ টাৱাৰটো একেবাৰে কাষৰ পৰা চাবলৈ মন কৰে। গাড়ীত বহুৱাই পিতা হ'বলৈ ওলোৱা মানুহজনে মা হ'বলৈ ওলোৱা মানুহজনীক ঘূৰাই ফুৰে।
এদিন সচাকৈয়ে জীয়া পুতলাটোক আনিবলৈ মানুহজনীক লৈ তেওঁ অকলেই নাৰ্চিংহ'ম যাব লগা হ'ল। ' ভয় লাগিছে নেকি ', তেঁও সুধিবলৈহে পালে, মানুহজনী তেনেই বনফৰিং যেন হ'ল , ' ইমান ভাল ডাক্তৰ। মোৰ ভয় মুঠেও লগা নাই। পুতলাটো যেতিয়া হ'ব, ময়ে তোমাক ফোন কৰিম চাবা '
৭ বাজি ৫৯ মিনিটত ডাক্তৰৰ নাম্বাৰৰ পৰা ফোন আহিছিল- ' আমাৰ এটা পুতলা হৈছে '।
১ মিনিট আগেয়ে তেওঁৰ সন্তানৰ মাতৃ হোৱা মানুহজনী মাত আছিল সেয়া।
তাৰ পিছৰ সময়বোৰ ।
তাৰ পিছৰ সময়বোৰৰ প্ৰতিটো মুহূৰ্তই মহাৰ্ঘ।
পুতলাৰ প্ৰথম কান্দোন, প্ৰথম হাঁহি, প্ৰথম উবুৰি, প্ৰথম চোচৰা,প্ৰথম কলকলনি- মানুহজনে প্ৰতিটো মুহূৰ্তই আলফুলে সামৰি ৰাখিছে। এদিন ছুটিবোৰ শেষ হ'ল। চাৰিমহীয়া পুতলাক এৰি অফিচলৈ যায় মাক। পিতাকৰ বুকুৰ উমত কলকলাই পুতলাই। মোবাইলত মাকে গাই শুনাই - ' ইকৰাৰে নাও লৈ খাগৰীৰ ব'ঠা বাই - সোণে মোৰ জোনৰ দেশলৈ যায় - সোণ মোৰ টোপনি যায়। ' চাৰিমহীয়া পুতলাৰ সকলো আউল মাৰে পিতাকে। মাক আহি নোপোৱালৈকে মাথো দুই-তিনি ঘণ্টাৰ কাৰণেহে অনাত্মিয় আইতাজনীৰ কাষত পুতলাক থৈ অফিচলৈ যায় পিতাকে।
পুতলা পুতলা এই হেন পুতলা এটাক এৰি ৰাতি এপৰলৈকে চাকৰি কৰি থাকিব পাৰি নেকি। নাই , নাই নোৱাৰি। পিতা হোৱাৰ সুখত উপচি থকা মানুহজনে লোভনীয় চাকৰি এৰি দিলে, ' অলপ কষ্ট হ'ব। মোৰ কামবোৰ এতিয়া ঘৰৰ পৰাই কৰিম। পুতলাক মানুহ কৰিব লাগিব। তাক আলৈ আথানি কৰিব নোৱাৰি। তোমাৰো জীৱন বহু আগলৈ যাব লগীয়া। ক'তো থমকি ৰ'বলৈ নিদিও তোমাক। তুমি সমূহৰ মানুহ। সমূহৰ মাজত থাকা সদায়। '
মানুহজনীয়ে কিবা কৰাৰ বা ভবাৰ সুৰুঙাই নাথাকিলে। তেওঁ সকলো চম্ভালী ল'লে। পুতলাৰ প্ৰতিটো উশাহৰ খবৰ থাকে তেওঁৰ হাতত, পুতলাৰ প্ৰতিটো প্ৰয়োজনীয়তাৰ তেওঁ নিমিষতে সমাধান উলিয়াই। পুতলাৰ স্কুলখন যেন তেওঁ ঘৰতে পাতি দিয়ে। পুতলাৰ নিৰ্ভুল উচ্চাৰণ, পুতলাৰ শৃংখলাবদ্ধতা,পুতলাৰ আচৰণ-তিল তিলকৈ তেওঁ পুতলাক নিৰ্মাণ কৰে। পুতলাৰ মাকেনে কি কৰে তেন্তে ? পুতলাৰ মাকে এখন কাহানিও দূৰ্বল হৈ নোযোৱা মৰম-আস্থা-বিশ্বাস আৰু স্নেহময়তাৰ সাঁকো গঢ়ে পুতলাৰ পৰা পিতাকলৈ।
পৃথিৱীৰ আটাইতকৈ বিশেষ পিতাজন হোৱাৰ বাটত থকা কাঁইটবোৰ গুচাই দিয়ে যিমান পাৰে।