আলহীহে, যাবই এদিন।
Updated: Jul 22, 2020
সৰুতে ঘৰলৈ থকাকৈ আলহী আহিলে ভাইটি আৰু মোৰ স্ফুৰ্টিৰ শেষ নাছিল। কথাটো এনেকুৱা নাছিল যে আমি বৰ অকলশৰীয়া আছিলো। মা দেউতা,বাই ভাইৰে আমাৰ সাতজনীয়া পৰিয়াল। ঘৰৰ শোৱনিকোঠাৰ পৰা চ'ৰাঘৰ, পাকঘৰলৈকে মানুহৰ অভাৱ নাছিল। তথাপি আলহী বুলি ক'লে ক'ব নোৱৰা হৈ থাকিছিলো। আলহী হৈ কোনোবা আহিব বুলি খবৰটো পোৱাৰ পৰাই আমাৰ উত্তেজনা আৰম্ভ হয়। কোনটো কোঠাত থাকিব, কি খাব ,কাৰ লগত বেছিকৈ কথা পাতিব, কাৰ লগত ফুৰিবলৈ যাব- অনাদি অনন্ত কল্পনা জল্পনা ভাইটি আৰু মোৰ। আলহী আহে। আমি চাও ডাঙৰ বেগ আনিছে নে সৰু বেগ! মানে কিমান বেছি দিন থাকিব তাৰ এটা অনুমান কৰো। থকা আলহীৰ কাৰণে যেন অকণমান বেছি আন্তৰিকতা। কিবা কাৰণত নাথাকে বুলি গম পালে জোটা চেণ্ডেল, ঘড়ী,চচমা যি পাওঁ সৱ লুকুৱাও। কেতিয়াবা আমাৰ উৎপাতত আলহী সচাকৈয়ে থাকিযাব লগা হয়। এটা নিৰ্দিষ্ট সময়ৰ পিছত লুকুৱাই থোৱা স্থানৰ পৰা বস্তুবোৰ উলিয়াই দিওঁ।
কিছুমান আলহী দুদিনমান থকাকৈ আহে। মনটো বেছি ভাল লাগি থাকে। মই আৰু ভাইটি দুয়োটাই খুব কম কথা কৈছিলো। নক'লে নোহোৱা কথাখিনিহে আমি কৈছিলো। তথাপি আলহীৰ সৈতে আমাৰ আন্তৰিকতাৰ আদান প্ৰদান চলিছিল। আলহীক কিবা লাগিব নেকি, শুবৰ সময়ত পানী গ্লাচ, বিচনাত গাৰু আছেনে (লাগিলে নিজৰটোকে দি দিম), আলহীয়ে কিবা অসুবিধা পাইছে নেকি-এইবোৰ আমি বৰ সুক্ষ্ম ভাৱে লক্ষ্য কৰিছিলো। সৰহ দিন থকা আলহীৰো এদিন যাবৰ হয়। আমি আৰু দুদিনমান থাকিবলৈ কুটুৰি থাকো। নাই, আলহী যায়গৈ।
কি আচৰিত ধৰণেৰে মনটো ৰিঙা ৰিঙা লাগে আলহী গুচি যোৱাৰ পিছত। বুকুৰ ভিতৰত কিবা যেন এটা আচৰিত খালী খালী ভাব। কান্দোন এটা উজাই আহে। ভাইটি আৰু মই আমন জিমনকৈ থাকো। মায়ে কয়- ' আলহীহে, যাবগৈ এদিন। সদায় লোকৰ ঘৰত থাকিব নেকি ? ' মালৈকে খং উঠে। ইমাননো কিয় বুজিব লাগে।
এতিয়া ভাবিলে অবাক লাগে, আলহী আহিলে ইমান বেছি ভাল পাইছিলো যে ঘৰলৈ ভিক্ষা খুজিবলৈ অহা মাগনী বুঢ়ীজনীকো মই মাজে মাজে ভাত ৰান্ধি খুৱাইছিলো। মা- দেউতা স্কুলত থকা সময়ত মই ঘৰত অকলে থাকিলে তেনেকুৱা আলহী প্ৰায় আহিছিল। কিমান যে কথা কয় মানুহজনীয়ে। খুজি মাগি অনা চাউল ভৰাই অনা জুলাটোত সুমুৱাই অনা হালধীয়া হালধীয়া খেজুৰবোৰৰ এমুঠিমান মোক দি যায়। মই ৰ লাগি চাই থাকো - বাৰাণ্ডাৰ এচুকত কাহীখনত ওখ হৈ থকা ভাতখিনিত ডাইলৰ বাতিটোৰ পৰা ডাইলকণ ঢালি কাহীৰ কাষৰ ভাজিখিনিৰে সৈতে সানি , আমাৰ গাধোৱা ঘৰৰ কাষৰ মেম জলকীয়া জোপাৰ পৰা ছিঙা জলকীয়া দুটা তিনিটা মচক কৈ কামুৰি পৰম তৃপ্তিৰে ভাত খাই থকা মাগনী বুঢ়ীক। সৰহ সৰহ টেপাৰে ভাত খোৱা মাগনী বুঢ়ীয়ে তেতিয়া কেনিও নাচায়। হোপা হোপে ভাত খায়। সেই তৃপ্তি ভৰা মুখখন কাহানিও পাহৰিব নোৱাৰো। ৰণজিতেও তেনেকৈ ভাত খায়। ৰণজিত আছিল আমাৰ ঘৰৰ এজন। নেঘেৰীটিং বাগানৰ পৰা সৰুতে আহি আমাৰ ঘৰত থাকিছিল। ভাইটি আৰু মোৰ লগত খেলিছিল। আমাৰ ঘৰৰ পিছফালে সৰু চালি দিয়া কোঠা এটাত ৰণজিত থাকিছিল। কোঠাটোত এখন বাহৰ চাং। মায়ে লেপ তোছক সুকীয়াকৈ বনাই দিছিল। ৰণজিৎ খুব পৰিপাতি আছিল। আমাৰ গৰু, ছাগলী, বাৰী ঘৰ সকলো ৰণজিতে চাইছিল। সেই ৰণজিতেও মাগনী বুঢ়ীৰ নিচিনাকৈ বাৰাণ্ডাত বহি ভাত খাইছিল, তৃপ্তিৰে, হোপা হোপে। মই তেতিয়াও মনে মনে চাইছিলো- ভাত খাই ইমান ভাল লাগেনে ?
সেই ৰণজিত এদিন মাকৰ অসুখৰ বাবে ঘৰলৈ গুচি গৈছিল। কিমান যে কান্দিছিলো ভাইটি আৰু মই। মাজে মাজে কেতিয়াবা টেঙা মৰ্টনৰ টোপোলা লৈ ৰণজিৎ আহিছিল। মায়ে জোৰ কৰি ভাত খুৱাই পঠিয়াইছিল। এদিন খবৰ পালো - ৰণজিৎ নোহোৱা হ'ল। কোনোবাই বাগানৰ লাইনত মাৰি পেলালে। কাহানিও খং এটাও কৰিব নজনা, মিহি হাঁহি এটা অহৰহ লৈ ফুৰা ল'ৰাটোৰো কোনোবা শত্ৰু আছিল। এতিয়াও চেৰেং চেৰেং মনত পৰে ৰণজিতলৈ।
জেঠাইৰ ল'ৰা মাইনা দা আছিল আমাৰ খুব পচন্দৰ আলহী। মাইনা দা আহিলে আমি উৰুলিকৃৎ হৈ থাকিছিলো। মাইনা দাই আমাৰ লগত লুডু খেলিছিল, ডবা খেলিছিল, চাইকেলৰ আগত গাৰু বান্ধি আমাৰ দুয়োটাকে ফুৰাই ফুৰিছিল। ভন বা, মাইনা বা , ববি বা, জিণ মামা,জান দা, টুমনি দা , অকণ মামা, মামি, টুটু, মুনু দা, জোনটি, মাইনা, ভন মাহী, নকুল মামা, দিদি, ৰুমি ,মমি, বাপু, আৰু পিছলৈ পিকুলী ,চুমু এই আটাইবোৰে আমাৰ ঘৰ ভৰি থাকিছিল। আমাৰ ঘৰতে থাকি পঢ়া শুনা কৰিছিল অপূ দাৰ পৰা পিকুলীলৈকে। দেউতাক মানুহে জোকাইছিল- ' নিজৰ পাচোটা ল'ৰা ছোৱালীয়ে নাটে হ'বলা'। পূজাই, বিহুৱে আমাৰ ঘৰত প্ৰায় মাটিত ঢালাই পাৰিব লগা হৈছিল। আমি গোটেই জাক একেলগে শুইছিলো। কিমান যে হেপাঁহৰ সময় আছিল সেইবোৰ।
শৈশৱৰ সেই দিনবোৰতে আলহীৰ সৈতে সন্মুখীন হৈছিলো অকল্পনীয় পৰিস্থিতিৰ। মানুহৰ ওপৰত বিশ্বাস হেৰাই যাব পৰাকৈ নিকৃষ্ট আলহীও দেখিছিলো শৈশৱৰ সেই দিনবোৰতে। নিজকে বেছিকৈ ভালপোৱাৰ এহেজাৰ এশ এটা কাৰণ দি থৈ গৈছে সেই ভয়ংকৰ আলহীবোৰে। সেইবোৰ আলহীক আজিও ঘীণ কৰো যি তেজ মঙহৰ আপোন হৈও আটাইতকৈ বেছি শত্ৰু আছিল। সেয়া জীৱনৰ অন্য এক শিক্ষা বুলি আজি গ্ৰহণ কৰো।
আজি ইমান বছৰীয়া হোৱাৰ পিছতোচোন আলহীয়ে নামুৱাই মোক। অহৰহ ঘৰখন আলহীৰে ভৰি থাকিলে মনটো ভাল লাগে। ঘৰত সদায় থকা ঘৰৰ দৰে হৈ পৰা ভাইটিটো দুদিন ঘৰলৈ গ'লে আজিও খালী খালী লাগে। ফোন কৰি কৰি হাহাকাৰ কৰো সোনকালে গুচি আহিবলৈ।
তথাপি এতিয়া সময়ে বহুত শিকাইছে। দুখ লাগিলেও হাঁহি থাকিবলৈ শিকাইছে। আলহীয়ে যাওগৈ আৰু বুলি ক'লে ,যোৱাৰ কাৰণবোৰ বুজি পোৱা হৈছো। বুকুত কান্দোন লৈও হাঁহি হাঁহি আলহীক বিদায় দিব পৰাকৈ টান হৈছো। নিজৰ প্ৰিয় বায়েক এজনী এৰাতি থাকি গুচি যাওঁতে ফেকুৰী থকা মোৰ ছবছৰীয়া ল'ৰাটোক মাৰ কথাষাৰেৰে বুজাবলৈ চেষ্টা কৰো-' আলহীহে, এদিন যাবই লাগিব। সদাইৰ কাৰণে আলহী নাথাকে নহয়।'