top of page

আগলৈ দিব লগা খোজবোৰ আমি পিচুৱাই নিদিও আহক।

Updated: Jul 22, 2020

স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰী হৈ থকা অৱস্থাতে জীৱনৰ প্ৰথম চাকৰিটোত যোগদান কৰিছিলো। তাৰ পিছত স্নাতকোত্তৰ পৰ্যায় শেষ কৰিয়েই একেবাৰে নভবা ধৰণেৰে যোগদান কৰিলো ইলেকট্ৰনিক মেডিয়াত। সন্মানজনক স্থিতিত প্ৰায় সাতটা বছৰ ইলেকট্ৰনিক মেডিয়াৰ চাকৰি কৰিলো। তাৰ পাছত  কিছুদিন ছপা মাধ্যমতো চাকৰি কৰিলো। আৰু এদিন সকলো ধৰণৰ চাকৰি বাদ দি নিজাকৈ কিবা এটা কৰাৰ হেপাঁহতে 'প্ৰিয়বন্ধু' নামৰ স্বেচ্ছাসেৱী সংস্থা এটাৰ জন্ম দিলো। এই যে পঢ়ি থকা দিনৰ পৰা দুই/ তিনি ঠাইত চাকৰি কৰিলো, সেই সময়খিনিত প্ৰায়েই মোৰ মনলৈ অহা ভাবটো হৈছে- মোৰ দৰে মানুহবোৰ আচলতে চাকৰি কৰিবৰ বাবে উপযুক্ত নহয়। দিনটোৰ নিৰ্দিষ্ট আঠ ঘণ্টা বা ততোধিক সময় নিৰ্দিষ্ট এটা কামৰ নামত সদায়েই দি থাকিব লগীয়া কথাটো মোৰ দৰে মানুহৰ বাবে কিছু যেন একঘেয়ামী। বহু সময়ত এনেকুৱা লাগে এইটো কামৰ কাৰণে আঠ ঘণ্টাকৈ সময় দিয়াতো যেন সময়ৰ অপচয়।আঠ ঘণ্টাত আৰু বহুত কাম কৰিব পাৰি। ৰাহি হোৱা সময়খিনি কি কামত লগাব পাৰি সদায় চিন্তা কৰিছিলো। আৰু সকলোতকৈ ডাঙৰ কথা কোনোবাখিনিত একঘেয়ামীতাই অতিস্থ কৰিছিল মোক। সেয়েহে চাকৰিৰ পৃথিৱীখনৰ পৰা ওলাইহে যেন মই মুকলিকৈ উশাহ ল'ব পাৰিলো। চকুৰ আগত কৰিব লগা কামৰ তালিকাখন যেন দীঘল হৈ আহিল, আৰু যিমানলৈ পাৰো,যিমানলৈ পৰিস্থিতিয়ে লগ দিয়ে কৰি গ'লো। বহুধা বিভক্ত কামৰ মাজত দিনটোৰ সময়বোৰ ভগাব লগা হোৱা পৰিস্থিতি এটাৰ মাজতে আচলতে মোলৈ সেই বিশেষ প্ৰস্তাৱটো আহিছিল। প্ৰস্তাৱটো আছিল 'আছাম ডেভলেপমেণ্ট ইনিশ্যিয়েটিভ', নামৰ সংস্থাটোৱে অসমৰ বিদ্যালয়সমূহত আৰম্ভ কৰিবলৈ লোৱা নতুন প্ৰকল্প' মূল্যভিত্তিক শিক্ষা আৰু শিশু বিকাশ' ৰ সঞ্চালক হিচাপে মোক বিচৰাৰ প্ৰস্তাবটো। যিখিনি সময়ত মোলৈ এই প্ৰস্তাৱটো আহিছিল, সেই সময়খিনি আছিল এনেকুৱা যে দিনটোৰ ২৪ ঘণ্টায়ো যেন মোক নাটিছিল। তেনে স্থলত আৰু এটা কাম? তাকো এনে পৰ্যায়ৰ দায়িত্ব ? পাৰিম জানো ? কিন্তু বাস্তবিকতে প্ৰস্তাৱটো অহাৰ সময়ত মোৰ মাজৰ আন এক সত্তাই যেন বাৰে বাৰে কৈছিল-'এই দায়িত্বই যদি নোলোৱা, তেন্তে কি দায়িত্বনো ল'বা ? এই বাটেইতো তোমাক জীৱনৰ আটাইতকৈ ওচৰৰপৰা মুখামুখি কৰাব ?' আৰু মই মোৰ অন্তৰাত্মাৰ সেই আহ্বান যেন শুনিলো আৰু এই  প্ৰস্তাৱটো গ্ৰহণ কৰাৰ কথা আন্তৰিকতাৰে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰিলো। প্ৰস্তাৱটো মই কিয় গ্ৰহণ কৰিলো ? একেষাৰতে ক'বলৈ হ'লে এক সকাহৰ জীৱন, এক পৰিপূৰ্ণ জীৱন, এক অৰ্থপূৰ্ণ জীৱন জীয়াবৰ বাবে মই এই প্ৰস্তাৱ গ্ৰহণ কৰিলো‌। দ্বিতীয় কাৰণটো হ'ল এই প্ৰকল্পটো যি উদ্দেশ্য সেই উদ্দেশ্যৰ হকে মই সচেতন ভাৱেই কিছু পৰিমাণে আত্মনিয়োগ কৰি আহিছিলো। মূল্যবোধৰ শিক্ষা নহয়, সকলো শিক্ষাই মূল্যভিত্তিক হোৱাৰ প্ৰয়োজনীয়তাৰ কথা বিভিন্ন পৰিবেশ পৰিস্থিতিয়ে ইতিমধ্যেই যেন আমাৰ দৰে মানুহবোৰক উপলব্ধি কৰোৱাইছিল। সেইকাৰণে প্ৰকল্পটোৱে মোৰ মন চুইছিল। পোনপটীয়াকৈ ক'বলৈ হ'লে এই প্ৰকল্পটো যেন মোৰো সপোনৰ প্ৰকল্প। প্ৰকল্পটোৰ উদ্দেশ্য কি বুলি প্ৰশ্ন কৰিলে ক'ব লাগিব- এখন বিদ্যালয়ৰ সামগ্ৰিক পৰিবেশ, পৰিস্থিতি, শিক্ষাৰ সৰ্বাংগীন উত্তৰণ ঘটোৱাই এই প্ৰকল্পৰ মূল উদ্দেশ্য। নম্বৰমুখী শিক্ষা ব্যৱস্থাৰ বিপৰীতে ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱকৰ মাজত আনন্দময় , আকৰ্ষণীয় আৰু মানসম্পন্ন শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তোলাই এই প্ৰকল্পৰ উদ্দেশ্য। প্ৰকল্পটোৰ সপোন দেখা মানুহজন থাকে আমেৰিকাৰ হিউষ্টনত। ৭০ ৰ দশকতে জন্মস্থান যোৰহাট এৰি আমেৰিকালৈ যোৱা হীৰেন শৰ্মা নামৰ মানুহজনে আজি সুদীৰ্ঘ ইমান বছৰ বিদেশত থাকিও অসমৰ উঠি অহা প্ৰজন্মৰ ভৱিষ্যত সৰ্বাংগ সুন্দৰ কৰাৰ স্বাৰ্থত, শিক্ষানুষ্ঠান সমূহ পৃথিৱীৰ অন্যান্য উন্নত শিক্ষানুষ্ঠানৰ পৰ্যায়লৈ নিয়াৰ এক দূৰন্ত হেপাঁহ বুকুত লৈ এই প্ৰকল্পটোৰ সপোন দেখিছে। তেখেতৰ এই সপোনক আন্তৰিকতাৰে আগবঢ়াই নিয়াৰ দায়িত্ব লৈছে এ ডি আই ৰ সঞ্চালক তথা শৰ্মাৰ অন্তৰংগ বন্ধু বিশ্বদীপ বৰুৱা আৰু এ ডি আইৰ সমূহ কৰ্মকৰ্তাসকলে। কেৱল সেয়াইনে ? অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জনে যথেষ্ট সহৃদয়তা আৰু কিবা এটা সলনি হোৱাৰ হেপাঁহ এটা লৈ প্ৰকল্পটোৰ প্ৰতি সহযোগিতা আগবঢ়াইছে বা আগবঢ়াবলৈ বিচাৰিছে। এগৰাকী তিক্ষ্ণধী ব্যক্তি, প্ৰচুৰ অভিজ্ঞতাসম্পন্ন  Educational psychiatrist ড. প্ৰদীপ বৰঠাকুৰে এই প্ৰকল্পটোৰ সম্পূৰ্ণ' মেণ্টৰিঙ'ৰ দায়িত্ব লৈ আৰম্ভণি পৰ্যায়ৰে পৰা পদ্ধতিগতভাৱে প্ৰকল্পটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত শ্ৰমদান কৰিছে। তেন্তে আগলৈ দিয়া খোজবোৰ ক'ত ৰৈছে আমাৰ ? ইমান সৰ্বাংগ সুন্দৰ, বিজ্ঞানসন্মত পদ্ধতিৰে প্ৰস্তুত কৰা প্ৰকল্প এটা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিহে আমাৰ খোজবোৰ পিছুৱাইছে ? প্ৰকল্পটো প্ৰয়োগৰ কাৰণে আমি বিশেষত- বিচাৰিছো চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানসমূহ। এই ক্ষেত্ৰত অসমীয়া মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়কো এই প্ৰকল্পটোৱে সামৰি ল'ব বিচাৰিছে। আৰু এই ক্ষেত্ৰতে আমি সৰ্বাধিক সমস্যাৰ সন্মুখীন হৈছো। প্ৰকল্পটোৰ জৰিয়তেই আমি চৰকাৰী খণ্ডৰ বিদ্যালয়ে সন্মুখীন হোৱা বিভিন্ন সমস্যা উপলদ্ধি কৰিব পাৰিছো। চৰকাৰী খণ্ডৰ একাংশ শিক্ষকৰ এই প্ৰকল্পটোৰ প্ৰতি থকা অনীহা লক্ষ্য কৰি কোনোবাখিনিত হতাশো হৈছো। আৰু এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা হ'ল কেৱল চৰকাৰী খণ্ডৰ বিদ্যালয় বুলিয়েই নহয় ব্যক্তিগত খণ্ডৰ কিছু বিদ্যালয়ৰ শিক্ষক শিক্ষয়ীত্ৰি বা পৰিচালনা সমিতিৰ কৰ্মকৰ্তাৰ মাজতো এই অনীহা প্ৰত্যক্ষ কৰিছো।

চৰকাৰী খণ্ডৰ কিছু সংখ্যক বিদ্যালয়লৈ এই প্ৰকল্পৰ প্ৰস্তাৱ যেতিয়া প্ৰথম লৈ যাওঁ, আটাইয়ে খুব আন্তৰিকতাৰে লয়। 'আমাৰ বিদ্যালয়খন সৰ্বাংগ সুন্দৰ হ'ব' এই ভাবটো সকলোৰে মনলৈ আহে প্ৰকল্পটোৰ বিষয়ে আমি যেতিয়া বৰ্ণনা কৰো। আমাৰো মনবোৰ ভাল লাগে। প্ৰকল্পটো আগবঢ়াই নিবলৈ আমিও মনেৰে প্ৰস্তুত হও। যোৰহাট আৰু গুৱাহাটীৰ প্ৰশাসনেও এই প্ৰকল্পটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাক যথেষ্ট উৎসাহিত কৰে। এই ক্ষেত্ৰত প্ৰয়োজনীয় বিধিসমূহো পালন কৰা হয়। যোৰহাট আৰু গুৱাহাটীত আয়োজন কৰা হয় প্ৰস্তাৱনামূলক সমাৱৰ্তনৰ। বিদ্যালয়সমূহৰ অংশগ্ৰহণ আছিল যথেষ্ট আশাব্যঞ্জক। বিষয়টো সম্পৰ্কত সকলোৱেই নিজৰ মতামত দাঙি ধৰে। আৰু সকলোৱেই এই প্ৰকল্পৰ প্ৰয়োজনীয়তাৰ কথা স্বীকাৰ কৰে।

তাৰ পিছত আহে দ্বিতীয় পৰ্যায়। এই পৰ্যায়টোত আমাৰ আৰু সংশ্লিষ্ট বিদ্যালয় কৰ্তৃপক্ষৰ মাজত এখন 'সামাজিক চুক্তি' কৰিবলৈ আগবাঢ়ো। এই চুক্তিখন আইনী চুক্তি নহয়। কিন্তু সামাজিক চুক্তি এখনৰ প্ৰয়োজনীয়তা এই কাৰণেই আছে যাতে প্ৰকল্পটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কোনোটো পক্ষই ( এ ডি আই অথবা সংশ্লিষ্ট বিদ্যালয় কৰ্তৃপক্ষই আধাতে এৰা নিদিয়ে ) ৰৈ যোৱা খোজৰ আৰম্ভণি ইয়াতে হয়। কেইবাখনো বিদ্যালয়ে এইখিনিৰ পৰা আগুৱাবলৈ অনিশ্চুক হয়। আচৰিতভাৱে প্ৰকল্পটো আৰম্ভণিতে আটাইতকৈ আগ্ৰহেৰে আদৰি লোৱা কেইখনমান বিদ্যালয়ো এই পৰ্যায়ত ৰৈ যায়। কোনোখন বিদ্যালয় কৰ্তৃপক্ষই আমাক প্ৰস্তাৱ দিয়ে- প্ৰকল্পটো তিনিমাহ মানৰ ভিতৰত শেষ কৰিবলৈ। কোনোখন বিদ্যালয় কৰ্তৃপক্ষই কয়- প্ৰকল্পটোৰ গাইড্ লাইনটো দি দিলে তেখেতসকলে নিজে আগবঢ়াই নিব। কিন্তু এই দুটা প্ৰস্তাৱৰ এটাও সম্ভৱ নহয়। কাৰণ ড. প্ৰদীপ বৰঠাকুৰে প্ৰস্তুত কৰা প্ৰকল্পটোৰ আঠোটা পৰ্যায়ত বিদ্যালয় কৰ্তৃপক্ষ, অভিভাৱক সমাজ আৰু এ ডি আই ৰ মূল্যভিত্তিক শিক্ষা আৰু শিশু বিকাশ প্ৰকল্পৰ বিশেষজ্ঞ ব্যক্তি সকলৰ সমান দায়িত্ব আছে। আটাইতকৈ দূৰ্ভাগ্যজনক কথাটো হ'ল - সৰহ সংখ্যক বিদ্যালয়েই ড. বৰঠাকুৰে প্ৰস্তুত কৰা প্ৰকল্পটোৰ  আঠোটা পৰ্যায়ৰ বিৱৰণী সম্বলিত লেখাখিনিকে পঢ়ি নাচালে। পঢ়ি চোৱা হ'লে হয়তো তেখেতসকলৰ এই অনীহা কেতিয়াও নাহিলেহেতেন। এইখিনি সময়তে আমি চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ যিসমূহ অসহায়তা লক্ষ্য কৰিলো, সেইয়া হৈছে- ১/ ছাত্র ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা বহু সংখ্যক স্কুলত একেবাৰে কম। এজন শিক্ষকেই দিনটোত চাৰি পাচটাকৈ শ্ৰেণী ল'ব লাগে। ২/ চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ ওপৰত এন আৰ চিৰ দায়িত্ব, নিৰ্বাচনৰ সময়ত ভোট গ্ৰহণ কেন্দ্ৰটো শিক্ষকৰে দায়িত্ব পৰে। এনেয়ে ছাত্র ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা কম,তাতে আকৌ থকা কেইজনৰ মাজৰ পৰাও যেতিয়া কেইজনমানক এন আৰ চি বা অন্যান্য দায়িত্বত মকৰল কৰা হয়, তেতিয়া অৱশিষ্ট শিক্ষকসকলৰ ওপৰত যথেষ্ট বোজা পৰে। ৩/ চৰকাৰী খণ্ডৰ বিদ্যালয়ত কাৰ্যালয় সহায়কাৰীৰ অত্যন্ত প্ৰয়োজন। অলপতে এই প্ৰকল্পটোৰ সংক্ৰান্তত এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকক লগ কৰিবলৈ যাওঁতে দেখিছিলো তেখেতে ছাত্র ছাত্ৰীৰ বেংক একাউণ্ট খুলিবৰ বাবে ছাত্ৰ ছাত্ৰীৰ নথি পত্ৰসমূহ প্ৰস্তুত কৰি আছে।এজন প্ৰধান শিক্ষকে ক্লাছ কৰাৰ ওপৰঞ্চিই যদি এইধৰণৰ কামবোৰো কৰিব লগা হয়,তেতিয়া হ'লে তেখেতে এনে ধৰণৰ প্ৰকল্পৰ কথা ভাবিবলৈ সময় কেনেকৈ পাব ? ৪/  কি কাৰণত নাজানো গুণোৎসৱৰ দৰে এটা বিষয়ক লৈও বিদ্যালয়সমূহে যথেষ্ট অতিৰিক্ত বোজা অনুভৱ কৰাৰ দৰে হয়। য'ত নেকি গুণোৎসৱৰ উদ্দেশ্য আৰু লক্ষ্য অত্যন্ত প্ৰাসংগিক। হয়তো শিক্ষকৰ সংখ্যাই এই ক্ষেত্ৰতো এটা নঞৰ্থক প্ৰভাৱ পেলাইছে। ৫/অহৰহ ফলাফলৰ ওপৰত অত্যধিক গুৰুত্ব দিয়াৰ ফলত ফলাফল আচলতে কেনেকৈ সৰ্বাং সুন্দৰ কৰিব পাৰি সেই ধৰণৰ সম্পৰীক্ষাৰ বাবে বিদ্যালয় সমূহত সময়ৰ অভাৱ। ৬/ আন এটা কথা ,যিটো প্ৰায় সকলো ক্ষেত্ৰতে দেখা যায়  নিজে আগবাঢ়ি কিবা এটা কৰাতকৈ আনে কৰি দিয়া কাম এটাৰ প্ৰতিহে যেন আমাৰ আগ্ৰহ।সেইকাৰণে প্ৰথম অৱস্থাত প্ৰকল্পটোৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰতে যেন প্ৰকল্পটোৰ দায়িত্ব অন্যান্য শিক্ষক শিক্ষয়িত্ৰী সকলৰ সৰহ সংখ্যকেই দিব বিচাৰে। কিন্তু  এই প্ৰকল্পটোৱে বিদ্যালয়ৰ সমগ্ৰ শিক্ষক সমাজ, অভিভাৱক সমাজ, পৰিচালনা সমিতিৰ পৰা একেবাৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকললৈকে সামৰি ল'ব নোৱাৰিলে সফল নহয়।

ইমানখিনি নঞৰ্থক কথাৰ মাজতো যোৰহাট আৰু গুৱাহাটীৰ দুখনমান বিদ্যালয়ে অতি নিষ্ঠাৰে প্ৰকল্পটো আদৰি লৈছে। পদ্ধতি গত ভাৱে আগবঢ়াই নিবলৈ চেষ্টা কৰিছে। দূৰ্বলতাসমূহ অতিক্ৰম কৰি প্ৰকল্পটোক নিজৰ প্ৰকল্প বুলি ভবাৰ চেষ্টা কৰিছে। আমাৰো সকাহ তাতেই। সন্তুষ্টি তাতেই। আমি দৃঢ়তাৰে বিশ্বাস কৰো গোটেই অসমৰ ভিতৰত মাত্ৰ এখন বিদ্যালয়তো যদি এই প্ৰকল্প অন্ততঃ ৭০ % হ'লেও সফল হয় তেন্তে সেইদিনাৰ পৰা সেইখন বিদ্যালয়ক আন সকলোৱে অনুকৰণ কৰিবলৈ চেষ্টা কৰিব। বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই প্ৰকল্পত স্বেচ্ছাসেৱকৰ দায়িত্ব পালন কৰিবলৈ ওলাই আহিছে।মহাবিদ্যালয় বা বিশ্ববিদ্যালয় কৰ্তৃপক্ষয়ো এই ক্ষেত্ৰত সহাৰি দিছে। অনেক অভিভাৱকে নিজে জড়িত হ'বলৈ বিচাৰিছে।জড়িত হৈছে। যোৰহাটত ড. অদিতি বেজবৰুৱাৰ বিশেষ উদ্যোগত এক বিশেষজ্ঞ কমিটি আৰু গুৱাহাটীত মনোৰোগ বিশেষজ্ঞ ড. দ্বীপেশ ভাগৱতীৰ সঞ্চালনাত এক বিশেষজ্ঞ কমিটি গঠন কৰা হৈছে। দুয়োখন কমিটিৰে সভ্যসকলক ড.প্ৰদীপ বৰঠাকুৰে প্ৰকল্পটোৰ বিষয়ত সবিশেষ  পুংখানুপুংখ ভাৱে বিশ্লেষণ আগবঢ়াইছে। গুৱাহাটীত লাইফ স্কিলৰ জনপ্ৰিয় প্ৰশিক্ষক পলাশ কলিতা আৰু যোৰহাটত প্ৰণৱ পূজাৰীয়ে সমন্বয়কৰ গুৰু দায়িত্ব পালন কৰিছে। বিদ্যালয় সমূহক 'ম'টিভেট 'কৰিবৰ বাবে আমি মনে প্ৰাণে চেষ্টা কৰিছো। এই খোজ ৰৈ যাবৰ কাৰণে মুঠেও নহয়। এই খোজ যথাৰ্থতে পোহৰলৈ দিয়া খোজ। এই খোজ সৰ্বাংগ উত্তৰণৰ বাবে দিয়া খোজ। জীৱনটোক মূল্যভিত্তিক ভাৱে উপলব্ধি কৰাৰ এক সুযোগ এয়া। কিন্তু আমি আগবাঢ়িবলৈ কোনোবাখিনিত যেন কষ্ট পাইছো। কিয়? কাৰণ এই প্ৰকল্প গ্ৰহণ কৰিবলৈ হ'লে আমি প্ৰথমে নিজকে সলাব লাগিব। নিজে মিছা কথা কৈ,আনক মিছা কথা নক'বা বুলি আমি এই প্ৰকল্প গ্ৰহণ কৰিলে ক'ব নোৱাৰিম। ভিতৰে বাহিৰে যেতিয়ালৈকে আমি এক ব্যক্তিত্বৰ হ'ব নোৱাৰিম তেতিয়ালৈকে এই প্ৰকল্প আমি সচা অৰ্থত গ্ৰহণ কৰিব নোৱাৰিম। মই নিজকে এই কথাখিনি বাৰে বাৰে উপলব্ধি কৰোৱাইছো। আপুনিও যদি কৰিব পাৰে তেন্তে মোৰ বিশ্বাস আপুনি কেতিয়াও এই প্ৰকল্প গ্ৰহণ নকৰাকৈ নাথাকে। সমাহিত সুখ, প্ৰশান্তিময় জীৱনৰ হকে মূল্যভিত্তিক জীৱন শৈলীৰ কোনো বিকল্প নাই



11 views0 comments

Recent Posts

See All
bottom of page