top of page

আকাশবাণীৰ ওপজা দিন

Updated: Jul 23, 2020

'এয়া আকাশবাণী'

'এয়া আকাশবাণী গুৱাহাটী'


বহুজন সুখায়: বহুজন হিতায়:-ৰ বাণীৰে ১৯৪৮ চনৰ পহিলা জুলাইৰ পৰা আৰম্ভ হোৱা আকাশবাণী গুৱাহাটীয়ে আজি এসত্তৰ বছৰত ভৰি দিলে।

আকাশবাণীৰ সৈতে আমাৰ আজন্ম সম্পৰ্ক।

আমাৰ শৈশৱৰ মনোৰঞ্জনৰ একমাত্রই উৎস আছিল ৰেডিঅ'টো।

'এয়া আকাশবাণী ডিব্ৰুগড়'- আমাৰ হেপাঁহৰ মাত আছিল। সুগম সংগীতৰ অনুষ্ঠান গীতাঞ্জলী আৰম্ভ হ'ল মানে স্কুললৈ যাবলৈ সাজু হ'বৰ হ'ল। নিশাৰ নাটকবোৰ এখনো বাদ্ নপৰিছিল। আনকি পৰীক্ষাৰ দিনবোৰতো। দেওবাৰৰ দূপৰীয়া মনে মনে শুনো দেওবৰীয়া ধাৰাবাহিক নাটক।

মাতবোৰৰ মোহত পৰো।

মাতৰ সিপাৰৰ মানুহবোৰ নেদেখো।

নেদেখাকৈয়ে ভাল লাগে।

চৈয়দ চাদুল্লাৰ মাতটো ইমান ধুনীয়া, কেনেকৈ ?

বছৰৰ শেষৰ দিনটোত ৰেডিঅ'ত যেতিয়া কাউণ্ট ডাউন আৰম্ভ হয়, আমি শিহৰিত হও-

নতুন বছৰক লৈ আনে চৈয়দ চাদুল্লাৰ কণ্ঠই।

ৰেডিঅ' পকাই সৈন্য বাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শুনো- হিন্দী গীত গুণগুণাব পৰা হও।

বাথৰূমৰ আইনাৰ সন্মুখত 'প্ৰেকটিছ্' কৰো- এয়া আকাশবাণী'

নিজৰ কণ্ঠৰ যত্ন ল'বলৈ লও।

উচ্চাৰণ শুদ্ধ কৰিবলৈ শিকায় আকাশবাণীয়ে।

আজি এই বৃহৎ পৰিয়ালৰ খুদমান এক অংশ হৈ নিজৰ বিশ্বাসৰ ওপৰত মৰম ওপজে- 'এদিন সপোন দেখিছিলো- 'এয়া আকাশবাণী' ঘোষণা দিয়াৰ।

আকাশবাণী গুৱাহাটীৰ আজি ওপজা দিন।

বহুজন সুখায়: বহুজন সুখায়: ৰ নামত আকাশবাণীৰ এই যাত্ৰা অসীমলৈ বৈ যাওক।

অনুষ্ঠানটোৰ সৈতে জড়িত প্ৰতিগৰাকীলৈ আন্তৰিক অভিনন্দন।

'এয়া আকাশবাণী' 'এয়া আকাশবাণী গুৱাহাটী'

9 views0 comments

Recent Posts

See All
bottom of page