top of page

আইকাৰ্ড

Updated: Jul 23, 2020

সৰুতে জীৱনৰ লক্ষ্যৰ বিষয়ে সুধিলে কৈছিলো, নিজৰ চিনাকীৰে চিনাকী দিম। সেই সময়ৰ মোৰ চৌপাশৰ পৰিবেশে মোক নিজৰ সম্পৰ্কে বেছি সচেতন কৰি তুলিছিল। মই বুজিছিলো, নিজাকৈ চিনাকী এটা গঢ়াটোৱেই আটাইতকৈ টান। সেই তেতিয়াতে বোধহয় গোটাই ললো একধৰনৰ অস্থিৰতা-আত্মপৰিচয় কি হলে মই আটাইতকৈ সুখী হম।


মোৰ গল্পবোৰ, উপন্যাসবোৰ, আন আন লেখাবোৰেৰে কোনো কোনোৱে মোক চিনি পায়। এনেকৈয়ে অনেকৰ সৈতে গঢ়ি উঠিছে আন্তৰিকতা।মোক সুখে-দুখে মাত একোষাৰ দিয়ে তেওঁলোকৰ মাজৰ অনেকেই।


২০০৭ চনতে ছপা মাধ্যমত প্ৰথম কৰ্মজীৱন আৰম্ভ কৰাৰে পৰা এতিয়ালৈ কেইবাখনো আইকাৰ্ডৰ গৰাকী হলো। বিভিন্ন ধৰণেৰে মনত থাকিবলগা এইখিনি সময়। সচাঁকথা কবলৈ হলে আটাইতকৈ বেছি মানুহৰ সৈতে চিনাকী হৈছো এইখিনি সময়ত। এতিয়াও হৈয়েই আছো।

সামাজিকভাৱে বিভিন্ন অনুষ্ঠানৰ লগতো জড়িত। সেই সুত্ৰেও অনেকৰ লগত পৰিচয় হৈছে।

লাহে লাহে পৰিচিত মানুহৰ সংখ্যা বাঢ়ি যাব। আৰু বহল হব মোৰ পৃথিবীখনৰ পৰিসৰ। যিমানে বিস্তৃত হৈছে মোৰ পৰিসৰ সিমানে বৰ আচৰিতভাৱে মই মোৰ মাজতে অনুভৱ কৰিছো কেইবাজনীও সুখী মই-আই-পিতাৰ সুখেৰে সুখী, ভাই-ভগ্ণীৰ সুখেৰে সুখী, মোৰ মানুহজনৰ মুখৰ পোহৰবোৰেৰে সুখী, বন্ধু-বান্ধবৰ সুখেৰে সুখী,মোৰ অকণমান পুতলাতোৰ ফুট নুফুট মাততোৰে সুখী

কেৱল সুখী মানুহ এজনীয়ে বৰ আচৰিতভাৱে মোৰ মাজত ভাঙি চিঙি খাস্তাং কৰিলে এজনী নিজা মানুহ

0 views0 comments
bottom of page