top of page

অশান্তি, অস্থিৰতা আৰু আমাৰ সহমৰ্মিতা

Updated: Jul 22, 2020

অশান্তিটোৰ আৰম্ভণি আচলতে এইকেইটা দিনত  নহয়। ক'ব পাৰি অশান্তিটোৱে দিয়া অস্থিৰতাখিনি এইকেইটাদিনত বাঢ়িছে। কিন্তু অশান্তি পাই আছো কেতিয়াবাৰে পৰা। অনেক প্ৰশ্নই খুন্দিয়াইছে। বৰ্তমান অসমৰ সৰ্বমুঠ জনসংখ্যা কিমান ? ইয়াৰে কিমান শতাংশ হাড়ে হিমজুৱে অসমীয়া ? ইয়াৰে কিমান শতাংশই অসমীয়া ভাষা কয় ? কিমান শতাংশই অসমীয়া নকয় ? ভৌগোলিক গঠন অনুসৰি অসমত আচলতে কিমান মানুহে বসবাস কৰিব পাৰে ? অসমত অসমীয়া মানুহখিনিৰ আৰ্থ সামাজিক ভেটিটো আজি কিমান দৃঢ় ? দুবেলা দুসাজ খাই, সন্তানক পঢ়ুৱাই শুনোৱাই শিক্ষিত কৰিব পৰা অসমীয়া মানুহ কিমান আছে ? বিগত তিনি দশকত অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অভাৱনীয় হাৰত বৃদ্ধি পোৱাৰ কাৰণ কি ? আমি যথাৰ্থ অসমীয়া মানুহখিনিয়ে ধৰ্মৰ ভিত্তিত মানুহক কেতিয়াও নাচাইছিলো, আৰু চাবও নিবিচাৰো। এয়া আমাৰ দূৰ্বলতা নহয়, বৰঞ্চ দূৰ্বাৰ সহমৰ্মিতা।  আমি বৰগীত শুনি ঈশ্বৰক হৃদয়তে পাওঁ, মগৰিবৰ আজান শুনি ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰো। উৎসৱ পাৰ্বণত, সুখে দুখে সকলোৱে একেলগে থাকি ভালপোৱা মানুহ আমি। আলহী অতিথিক 'সাক্ষাৎ দামোদৰ' জ্ঞান কৰো। ভাগৰ খুৱাও, ভাগৰ পিন্ধাও।  কিন্তু অত্যন্ত দূৰ্ভাগ্যজনক ভাৱে আমাৰ এই সহমৰ্মিতাৰ বাবেই আজি আমি নিজৰ ৰাজ্যখনতে অঘোষিতভাৱে সংখ্যালঘূ হ'ব লগা হৈছে। তথাপি আমাৰ সহমৰ্মিতাৰ মাত্ৰা নকমিলে। আমি আমাৰ নিজৰ মাটিবোৰত অবৈধ অনুপ্ৰৱেশকাৰীয়ে ঘৰবোৰ বন্ধা চাই থাকিলো, কাঠফুলাৰ দৰে বাঢ়ি অহা পৰিয়ালবোৰ চাই  থাকি আত্মকেন্দ্ৰীক জগতৰ বাসিন্দা হৈয়ে সুখৰ গড্ডালিকা প্ৰবাহত উটি ভাহি ফুৰিলো। ভৌগোলিক গঠনে দিয়া অনুমতি চেৰাই জনসংখ্যাৰ হাৰ বাঢ়িয়েই থাকিল। অসমীয়া ভাষা নোকোৱা মানুহৰ সংখ্যা বাঢ়িয়েই থাকিল। অসমীয়া সংস্কৃতি নুবুজা মানুহৰ সংখ্যা বাঢ়িয়েই থাকিল।আমাৰ ল'ৰা ছোৱালীবোৰৰ বাবে আমি অকণমান ধন বিত থকাসকলে ভালৰো ভাল ইংৰাজী মাধ্যমৰ স্কুল এখন বিচাৰি ফুৰা হ'লো। বিচৰা স্কুলখনত পঢ়ুৱাব পাৰিলেই পৰম সকাহ। আৰু খুব গৌৰৱেৰে আমি ল'ৰা ছোৱালীক মামা, খুৰা, বৰদেউতা, পেহী মাহীবোৰ নিশিকাই আংকল আণ্টিতে সম্বন্ধবোৰ সামৰি থৈ- 'মোৰ ল'ৰাটোৱে-ছোৱালীজনীয়ে অসমীয়া ক'বই নাজানে, লিখিবই  নাজানে বুলি 'গৌৰৱ' কৰিবলৈ শিকিলো। আমাৰ কামবোৰ আনক সপি আমি আলস্যৰ জীৱন কটাবলৈ বিচৰাৰ পৰা নিবনুৱা মানুহৰ ভিৰ বাঢ়িল । আমি গৌৰৱেৰে কও- ' আমাৰ এজনে এদিনৰ হাজিৰাত যিমানখিনি কাম কৰে, সিহঁতে তাৰ কেইবাগুণো বেছি কৰে' গতিকে নিজৰ মানুহ বাদ, পৰৰ মানুহক বৰঘৰত বৰপীৰা পাৰি আমি 'উদাৰ ' হ'লো। ইফালে আমাৰ এই উদাৰতা মুখ ঠেকেচা খাই পৰিল যেতিয়া অপৰাধৰ মাত্ৰা দোপতদোপে বাঢ়িল। ভাষাটো হেৰুৱাইছিলোৱেই প্ৰায়। অনেকৰ তেজ আৰু জীৱনৰ বিনিময়ত যেনিবা সেইবাৰলৈ ৰ'ল। তাৰ পিছতো হোৰাহোৰে চুবুৰীয়া দেশৰ মানুহ আহিয়েই থাকিল অধিকাৰবোধেৰে। নাই আমি সেই বিখ্যাত বান্দৰ তিনিটা হৈয়ে থাকিলো। তাৰ মাজতে যদি কোনোবাই অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে থিয় দিছে, কোনোবা বিশিষ্ট জনৰ বুকু ধৰফৰাইছে ঘৰতে শাক পাচলি দি থৈ যোৱাজনৰ কথা ভাবি, যদি এই বিৰোধিতাৰ বাবে সেইজন গুছি যায়গৈ।  বিৰোধিতা কৰাসকলহে অকলশৰীয়া হ'ল। এতিয়া আকৌ আন এটা দৃশ্যৰ অৱতাৰণা ঘটিছে। অসমখন বচাবলৈ আন এচামক আনি বহুৱাৰ  চিন্তা চলিছে বুলি ৰাইজখন এইবাৰ ক্ষোভ হতাশাত ফাটি পৰিছে। নাস্তিকজনেও এইবাৰ ধৰ্মৰ প্ৰসংগ টানি বিৰোধিতা কৰিছে। আমিও ছটফটাইছো। নিজৰ মানুহসোপাই খাবলৈ নাপায়, থাকিবলৈ নাপায় হাহাকাৰ কৰি মৰিছে। নিজৰ ঘৰতে আলহী যেন হ'ব লগা হৈছে। তেনেস্থলত আকৌ এখিনি মানুহ আনি থ'ব ক'ত ? খাব কি ? আমি বিচাৰিছিলো- আমাৰ মাটিবোৰ আমাৰ হওক।আমি আমাৰ বায়ু পানীৰে মুকলিকৈ উশাহ ল'ব পৰা পৰিবেশ এটা ঘূৰি আহক।  প্ৰতিজন অনুপ্ৰৱেশকাৰীক সন্মানেৰে কিন্তু দৃঢ়তাৰে উভতাই পথোৱা হওক। কিন্তু তাৰ পৰিৱৰ্তে এয়া কি ? ৰাজনীতিৰ বিশেষ জ্ঞান নাই। কিন্তু চৰকাৰখনক অনুৰোধ জনাইছো প্ৰকৃত অভিভাৱকৰ দায়িত্ব যেন পালন কৰে। অসম নামৰ এই ভূখণ্ডই আৰু মানুহৰ বোজা কোনোপধ্যেই ল'ব নোৱাৰে। তাৰ পৰিৱৰ্তে অসমীয়া জাতিটোলৈ অহা ভাবুকীৰ কাৰকসমূহ বিচাৰি উলিয়াই পুলিয়ে পোখালিয়ে উঘালি পেলাওক। ৰাইজ এইবাৰ জাকি মাৰি ওলাই আহিছে। বাঘে ছাগে একেলগ হোৱাৰ দৰে পৰিস্থিতি।  আমি মুখবোৰ চাইছো। কোন বিশ্বাসী ,কোন অবিশ্বাসী এতিয়ালৈ অন্ততঃ কিছু চিনিব পৰা হৈছো। এই মানুহখিনিৰ মাজৰ পৰাই এখিনি সচা মানুহ ওলাওক যি সচাকৈয়ে অসমখনক প্ৰাণভৰি ভালপায়। অসমখন নিজস্ব পৰিচয়েৰে জিলিকি থকাটো বিচাৰে। অসমত অসমীয়া ভাষাৰ অপমান যি চাব নোৱাৰে।সেই মানুহখিনি অন্ততঃ একগোট হওক।  মুনাফাৰ বাবে মিচিলত থিয় দিয়া মানুহবোৰ তেতিয়া নিজেই নোহোৱা হ'ব।  অসমীয়া মানুহে কাম কৰিবলৈ লাজ এৰক। আমাৰ হাতৰ কামবোৰ আন কাকো এৰি নিদিও বুলি পণ লওক। কেৱল, কেৱল কৰ্ম সংস্কৃতিয়েই আমাক বল, শক্তি দিব। তাৰ কোনো বিকল্প নাই।



2 views0 comments

Recent Posts

See All
bottom of page