অকলে মইনো বাৰু কি ?
অকলে মোৰনো কি পৰিচয় ? মইনো অকলে কি ? যদিহে আই পিতায়ে মোক বিচাৰি ঈশ্বৰক প্ৰাৰ্থনা নজনালেহেতেন। যদিহে শিশু অৱস্থাৰে পৰা পিতাক নেদেখিলোহেতেন দৰ্মহাৰ টকা কেইটাৰে অভাবী ঘৰৰ ল'ৰা ছোৱালীক কিতাপ বহী কিনি দিয়া- ফৰ্ম ফিলাপ, এডমিছনৰ খৰছ দিয়া। যদিহে মই পিন্ধা চোলাটোলৈ আমাৰ ঘৰত লাচনি পাচনি কৰিবলৈ অহা জুৰীয়ে ৰ লাগি চাই থকা দেখি সেই চোলাটো দি দিওতে তাইৰ চকু মুখৰ পোহৰবোৰে মোৰ বুকুখন নোপোহৰালেহেতেন। যদিহে ঘৰৰ সকলোৰে লগত যুদ্ধ কৰি হ'লেও মায়ে মইনা পাৰিজাতলৈ যাবলৈ নিদিলেহেতেন- মোক কটন কলেজত পঢ়ুওৱাৰ সিদ্ধান্তটো নল'লেহেতেন। যদিহে বাহতে তেওঁলোকৰ গোপনৰো গোপনতম কথাৰ চন্দুকটো মোৰ সন্মুখত উবুৰিয়াই নিদি মোক মানুহৰ মন বুজিব পৰাকৈ শক্তিশালী নকৰিলেহেতেন। যদিহে আপোন মানুহ কিছুমানে চিনাকি দিওতে মোৰ গাৰ ৰঙটোৰ কথা কৈ মোক অকলশৰেও জীয়াব পৰাকৈ সাহসী কৰি নুটুলিলেহেতেন। যদিহে মই কথা কোৱাতকৈ বেছি ভাবি ভাল নাপালোহেতেন। যদিহে মই অপৰিচিতজনৰো কান্দোনবোৰ শুনি অস্থিৰ নহ'লোহেতেন। যদিহে মই প্ৰেম আৰু ভালপোৱাৰ নামত এহেজাৰ এশ এবছৰ জীবলৈ নিশিকিলোহেতেন। যদিহে মই ভুলৰ প্ৰতিবাদ কৰিব নাজানিলোহেতেন। যদিহে মই কৃতজ্ঞ হ'ব নাজানিলোহেতেন। যদিহে মই ক্ষমা কৰিব নাজানিলোহেতেন। যদিহে মই সিদ্ধান্ত গ্ৰহণ কৰিব পৰাকৈ দৃঢ় হ'ব নাজানিলোহেতেন। যদিহে মোৰ বাবে আত্মসন্মান আটাইতকৈ সযতনে ৰাখিব লগা বিষয় নহ'লেহেতেন। যদিহে সফলতাই মোক উৎফুল্লিত আৰু বিফলতাই বিমৰ্ষ কৰিলেহেতেন। যদিহে মই মামণি বাইদেউক লগ নাপালোহেতেন। যদিহে মোৰ সিদ্ধাৰ্থৰ দৰে সহযাত্ৰী এজন নাথাকিলেহেতেন যি মোৰ বাবে প্ৰতিনিয়ত উন্মুখ হৈ নাথাকিলেহেতেন। যদিহে মোৰ বুকুৰ মাজত 'পুতলা' নামৰ এক পৰম প্ৰাৰ্থনীয় ঈশ্বৰপুত্ৰই জিৰণি নল'লেহেতেন। যদিহে মই মোক ইমান ভাল নাপালোহেতেন।
আৰু যদিহে .. যদিহে আপোনালোক কোনো নাথাকিলেহেতেন .. আপোনালোকৰ বিশ্বাসবোৰ নাথাকিলেহেতেন .. শুভকামনাবোৰ নাথাকিলেহেন ..সহযোগিতাবোৰ নাথাকিলেতেন। আন্তৰিকতাবোৰ নাথাকিলেহেতেন। যদিহে 'তেওঁলোকে' মোৰ অহা যোৱাৰ বাটত বিষাক্ত কাইটবোৰ ছটিয়াই নথ'লেহেতেন । মোক ভাঙি ছিঙি শেষ কৰিবৰ কাৰণে দল বান্ধি মোক আটাইতকৈ সাহসী মানুহজনী হৈ উঠাত সহায় নকৰিলেহেতেন। আৰু যদিহে মোৰ 'প্ৰিয়বন্ধু' নামৰ এটা ডাঙৰ পৰিয়াল নাথাকিলেহেতেন, যিটো পৰিয়ালত আমি এক মনৰ মানুহবোৰে হাতে হাত ধৰি বিশ্বাসৰ বাটত খোজ নিদিলোহেতেন। তেন্তে অকলে মইনো বাৰু কি ?